নৈশ সান্ধ্য আইনৰ মাজতে দােকানত চুৰিকাণ্ড, CCTV কেমেৰাত বন্দী সমগ্ৰ ঘটনা

নৈশ সান্ধ্য আইনৰ মাজতে দােকানত চুৰিকাণ্ড, CCTV কেমেৰাত বন্দী সমগ্ৰ ঘটনা

June 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যজুৰি সান্ধ্য আইন বলৱৎ হৈ থকাৰ মাজতে নিতৌ সংঘটিত হৈছে চুৰি-ডকাইতিৰ ঘটনা।

এইবাৰ এটা ম’বাইলৰ বিপণীত চলিল চােৰৰ চাফাই অভিযান। CCTV কেমেৰাত বন্দী হ’ল এই চুৰিকাণ্ড।

শনিবাৰে নিশা ওদালগুৰি জিলাৰ টংলাৰ এখন দোকানত সংঘটিত হয় এই ঘটনা।

পুৱতি নিশা ০৩.৩০ মান বজাত টংলা টাউনৰ বাছ ষ্টেণ্ডৰ ওচৰত সমীপত থকা “কৰণ কম্পজিত” নামৰ মোবাইলৰ দোকান খনত এই চুৰি কাৰ্য সংঘটিত হয়।

দােকানখনৰ স্বত্বাধিকাৰী ভূষণজিৎ ডেকাৰ মতে, প্ৰায় এক লাখ টকাৰ ম’বাইল চুৰি কৰি লৈ যায় চােৰটােৱে।

চোৰে দোকানখনৰ ওপৰৰ টিং আৰু চিলিং কাটি ভিতৰলৈ প্ৰৱেশ কৰিছিল।

সান্ধ্য আইনৰ মাজতে সংঘটিত এই ঘটনাক লৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

টংলাৰ ব্যৱসায়ী সন্থাই ঘটনাৰ উচিত তদন্ত কৰিবলৈ দাবী জনাইছে।