নৈৰ বাঢ়নী পানী চাবলৈ গৈ শিশুৰ সলিল সমাধি

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। আত্মীয়ৰ সৈতে নৈৰ বাঢ়নী পানী চাবলৈ গৈ সলিল সমাধি ঘটিল এটি ৬ বছৰীয়া কন্যা শিশুৰ।

এই ঘটনাৰ স্থান বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কয়াকুছি।

জানিব পৰা মতে, গাঁওখনৰ আজিম উদ্দিনৰ কন্যা আফ্ৰিন জান্নাত (৬)ৰ বৃহস্পতিবাৰে পুৱা ৯ মান বজাত পানীত পৰি মৃত্যু হয়।

আফ্ৰিন জান্নাতে বেঁকী নৈৰ বাঢ়নী পানী চাবলৈ গৈ এটা কালভাৰ্টৰ ওপৰৰ পৰা অকস্মাতে পানীত পৰি নিৰুদ্দেশ হয়।

স্থানীয় লোকে বিভিন্ন উপায়েৰে অনুসন্ধান চলায় যদিও শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।

বৰপেটাৰ পৰা এছ ডি আৰ এফ ঘটনাস্থলীত উপস্থিত হৈ বিচাৰ-খোচাৰ কৰে যদিও কন্যা সন্তানটিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

শুকুৰবাৰে পুৱা শিশুটিৰ মৃতদেহ পানীৰ পৰা উলিয়াবলৈ সক্ষম হয় উদ্ধাৰকাৰী বাহিনীয়ে।

Leave a Comment