ন্যায়ালয়ৰ সেউজ সংকেতঃ ২৮ আগষ্টতো কৰ্তন হ’ব ইন্টাৰনেট সেৱা…

ন্যায়ালয়ৰ সেউজ সংকেতঃ ২৮ আগষ্টতো কৰ্তন হ’ব ইন্টাৰনেট সেৱা…

August 26, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়তো বন্ধ হ’ব ইন্টাৰনেট সেৱা। এই সেউজ সংকেত প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উল্লেখ্য্য যে, ২১ আগষ্টত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়ত ৰাজ্য চৰকাৰে ইন্টাৰনেট সেৱা কৰ্তনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল ৰাজু প্ৰসাদ শৰ্মা নামৰ এজন ব্যক্তিয়ে।

ইন্টাৰনেট সেৱা বন্ধ কৰাৰ ফলত ওলা-উবেৰ-ৰেপিড চালক সকলৰ লগতে ইন্টাৰনেটৰ জৰিয়তে ব্যৱসায় কৰা সকলৰ আৰ্থিক লোকচান হোৱাৰ দাবী তুলি উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল এই লেখ আবেদন।

এই আবেদনৰ দুদিন শুনানি গ্ৰহণৰ অন্তত শুকুৰবাৰে আদালতে ২৮ আগষ্টতো ইণ্টাৰনেট সেৱা কৰ্তনৰ সেউজ সংকেত প্ৰদান কৰে।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত যাতে কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয়, তাৰ বাবে ইন্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। ইতিমধ্যে ২১ আগষ্টত অনুষ্ঠিত হৈ যোৱা চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে সেই দিনটোত দুবাৰকৈ ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল।