নৰ্দমা শোধন প্ৰকল্পৰ টেংক পৰিস্কাৰ কৰিবলৈ গৈ বিষাক্ত গেছৰ ফলত মৃত্যু ২ ভাতৃৰ

নৰ্দমা শোধন প্ৰকল্পৰ টেংক পৰিস্কাৰ কৰিবলৈ গৈ বিষাক্ত গেছৰ ফলত মৃত্যু ২ ভাতৃৰ

March 26, 2022 0 By NEWS DESK

নিউজ ডেস্ক। নৰ্দমা শোধন প্ৰকল্পৰ টেংক পৰিষ্কাৰৰ সময়ত বিষাক্ত গেছৰ ফলত উশাহ বন্ধ হৈ মৃত্যুক সাৱটি ল’লে দুই ভাতৃয়ে। ইফালে এই ঘটনাৰ পিছতে প্ৰকল্পটোৰ যুটীয়া অভিযন্তাৰ বিৰুদ্ধে অপৰাধমূলক হত্যাৰ বাবে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

বৃহস্পতিবাৰে এই শোকাবহ ঘটনা সংঘটিত হয় হাৰিয়ানাৰ নুহ জিলাত।

জিলাখনৰ এটা নৰ্দমা শোধন প্ৰকল্পত পাম্প অপাৰেটৰ আৰু মালী হিচাপে কৰ্মৰত আছিল নুহৰ সদাই গাঁৱৰ নিৱাসী ৩৫ বছৰীয়া জাভেদ আৰু তেওঁৰ কনিষ্ঠ ভাতৃ ২৫ বছৰীয়া জাহিদ।

অভিযোগ অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া প্ৰকল্পটোৰ এটা অপৰিস্কাৰ টেংক চাফা কৰাৰ বাবে যুটীয়া অভিযন্তাই নিৰ্দেশ দিয়ে দুই ভাতৃক। সেই সময়ত লগত মাস্ক, চেফটী বেল্ট আৰু বুটৰ দৰে সুৰক্ষামূলক সঁজুলি নথকাৰ পৰিপ্ৰেক্ষিতত ভাতৃৃদ্বয়ে টেংকৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কৰে। কিন্তু যুটীয়া অভিযন্তাগৰাকীয়ে দুয়োকে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ভাবুকি দিয়াত অৱশেষত সুৰক্ষামূলক সঁজুলি অবিহনেই ২৫ ফুট গভীৰ টেংকটো পৰিস্কাৰ কৰিবলৈ বাধ্য হয় জাভেদ আৰু জাহিদ। যাৰ বাবে বিষাক্ত গেছৰ ফলত উশাহ বন্ধ হৈ ভাতৃদ্বয়ৰ মৃত্যু ঘটে।

নুহ চিটিৰ এছএইছঅ’ বিজেন্দ্ৰ সিঙে কয়, “নৰ্দমা শোধন প্ৰকল্পটো জনস্বাস্থ্য বিভাগৰ অধীনত আছে। এজন ভাতৃয়ে প্ৰথমে টেংকটোত প্ৰৱেশ কৰিছিল আৰু এখন প্লেটফৰ্মত উঠিছিল আৰু টেংকটো পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিছিল, য’ত অলপ পানী আছিল। যেতিয়া তেওঁ তলত উপস্থিত হৈছিল, তেওঁ হঠাতে মূৰ ঘূৰোৱা অনুভৱ কৰে আৰু অচেতন হৈ পৰি যায়। তাৰ পিছত দ্বিতীয় ভাতৃয়ে তেওঁক সহায় কৰিবলৈ গৈ তেওঁক বাহিৰলৈ উলিয়াবলৈ চেষ্টা কৰে যদিও বিষাক্ত গেছৰ বাবে তেওঁৱো অচেতন হৈ পৰে।’’

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই ঘটনা সংঘটিত হয় সন্ধিয়া প্ৰায় ৫ বজাত। ইফালে ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে প্ৰায় ৫.৪৫ বজাত ঘটনাস্থলীত উপস্থিত হয়। কিন্তু তেতিয়ালৈকে জ্যেষ্ঠ ভাতৃ জাভেদৰ মৃত্যু ঘটিছিল। আনহাতে অচেতন হৈ থকা জাহিদক লগে লগে স্থানীয় চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আনহাতে জাভেদ আৰু জাহিদৰ পিতৃয়ে কয় যে যোৱা এটা দশক ধৰি দুয়ো প্ৰকল্পটোত কৰ্মৰত আছিল। তেওঁলোকৰ কাম আছিল প্ৰকল্পটোৰ মটৰ পৰিচালনা কৰা। পৰিস্কাৰ কৰাৰ দায়িত্বত তেওঁলোক নথকা সত্বেও যুটীয়া অভিযন্তাজনে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ভাবুকি দিয়াত বৃহস্পতিবাৰে টেংকৰ ভিতৰত প্ৰৱেশ কৰিবলৈ বাধ্য হয় আৰু মৃত্যুক সাৱটি লয়।

ইফালে ৫ টা সন্তানৰ পিতৃ জাভেদ আৰু দুটা সন্তানৰ পিতৃ জাহিদৰ কৰুণ মৃত্যুত ভাগি পৰিছে তেওঁলোকৰ পৰিয়ালটো। পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী দুজনৰে মৃত্যুত এতিয়া দিশহাৰা হৈ পৰিছে জাভেদ আৰু জাহিদৰ পৰিয়াল।