ন’ পাৰ্কিং! বাইকৰ সৈতে চালককাে ক্ৰেনেৰে উঠাই নিলে যান-বাহন আৰক্ষীয়ে! দৃশ্য ভাইৰেল

নিউজ ডেস্ক। যান-বাহন আইন উলংঘাৰে ন’ পাৰ্কিঙত ৰখাই থােৱা বাহনৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা লােৱা আপুনি নিশ্চয়ে দেখিছে।

বিশেষকৈ ন’ পাৰ্কিং জােনত ৰখাই থােৱা দুচকীয়া বাহন ক্ৰেনৰ সহায়ত উঠাই নিয়া দৃশ্য তেনেই সুলভ।

কিন্তু এইবাৰ তেনে কৰিবলৈ গৈ বাইকৰ সৈতে চালককাে ক্ৰেনেৰে উঠাই নিয়া দৃশ্য ভাইৰেল হৈছে সামাজিক মাধ্যমত।

এই নাভুত-নাশ্ৰুত ঘটনাৰ স্থান মহাৰাষ্ট্ৰৰ পুনে।

পুনেৰ নানাপেথ অঞ্চলত পথৰ কাষত ৰখাই থোৱা এখন বাইক আৰোহীৰ সৈতে যান-বাহন আৰক্ষীয়ে টানি নিয়ে।

বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত সংঘটিত হয় এই ঘটনা। আৰু সেই ঘটনাটোৰ ছবি শুক্ৰবাৰে পোহৰলৈ অহাৰ পিছত যান-বাহন আৰক্ষী বিভাগৰ বিষয়াই বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে।

অৱশ্যে যান-বাহন আৰক্ষী বিভাগে কয় যে বাইকখন ‘নো-পাৰ্কিং’ জ’নত ৰখাই থোৱা হৈছিল আৰু বাইক আৰোহীজনে ইচ্ছাকৃতভাৱে ক্রেনে বাইক খন দঙাৰ সময়ত বহি লৈছিল।

ঘটনাটোৰ দৃশ্য সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছত সকলোৱে এতিয়া যানবাহন আৰক্ষী বিভাগে কাম কৰাৰ ধৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।

এটা দৃশ্যত দেখা অনুসৰি, যেতিয়া বাইক আৰোহীজনক ট্ৰেফিক বিভাগে উঠাই নিছিল, তেতিয়া তেওঁ কৈছিল, “ছাৰ, মোৰ বাইকখন নো-পাৰ্কিং জ’নত নাই, মই মাত্ৰ দুই মিনিটৰ বাবে পথৰ কাষত থিয় হৈ আছিলো। মই মোৰ বাইক খন পাৰ্ক কৰা নাই, মই লগে লগে যাম বুলি ৰৈছিলো, অনুগ্ৰহ কৰি মোৰ বিৰুদ্ধে ব্যৱস্থা নল’ব।” কিন্তু এনেদৰে কোৱাৰ স্বত্বেও যান-বাহন আৰক্ষীয়ে তেওঁৰ কথাক অস্বীকাৰ কৰিছিল আৰু ব্যক্তিজনক বাইকখনৰ সৈতে তুলি লৈছিল।

লোকজনে বাৰে বাৰে কৈছিল যে তেওঁ গাড়ীখন কোনো পাৰ্কিং লটত ৰখোৱা নাছিল, তথাপিও ট্ৰেফিক আৰক্ষীৰ কৰ্মীয়ে সেই কথা অস্বীকাৰ কৰিছিল।

ইয়াৰোপৰি সেই ঘটনাৰ ভিডিঅ’ গ্ৰহণকাৰীক দুৰ্ব্যৱহাৰ কৰিছিল আৰক্ষীয়ে। ঘটনাটোৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছত সকলোৱে এতিয়া প্ৰশ্ন কৰিছে যে “যুৱকজনৰ দোষ হ’লেও তেওঁক এনেদৰে বাইকৰ সৈতে ওপৰলৈ উঠোৱাটো উচিতনে।” “যদি তেওঁ পৰি গ’লহেঁতেন তেন্তে কোন দায়ী হ’লহেঁতেন?”

ঘটনাস্থলীত উপস্থিত থকা এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, “নানাপেথ অঞ্চলৰ যান-বাহন আৰক্ষীয়ে সাধাৰণ নাগৰিকসকলক নিৰন্তৰ হাৰাশাস্তি কৰি আহিছে। তেওঁলোকে আমাৰ দোকানৰ সন্মুখৰ পৰা গাড়ীখন তুলি লয়।”

যান-বাহন বিভাগৰ ডিচিপি শ্ৰীৰামে কয়, “আমি নানাপেথ অঞ্চলত সংঘটিত ঘটনা সন্দৰ্ভত এক বিতং প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশ দিছো। যদি তদন্তত কোনো দোষী হয়, তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব।”

Leave a Comment