পঞ্চায়ত সচিবৰ চহী জালিয়াতি কৰি আত্মসাৎ আঁচনিৰ লক্ষ লক্ষ টকা, স্বামীসহ গ্ৰেপ্তাৰ পঞ্চায়ত সভানেত্ৰী

নিউজ ডেস্কঃ পঞ্চায়ত সচিবৰ চহী জালিয়াতি কৰি আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে পঞ্চায়তৰ সভানেত্ৰী আৰু তেওঁৰ স্বামীক। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে বৰপেটাৰ সমীপৰ ১০২নং কুমুল্লীয়াপাৰা গাঁও পঞ্চায়তত।

অভিযোগ অনুসৰি, পঞ্চায়তখনৰ সভানেত্ৰী ৰুমা পাৰবিন চুলতানা খানম আৰু তেওঁৰ স্বামী আলাল উদ্দিনে পঞ্চায়ত সচিবৰ চহী জালিয়াতি কৰি কেইবাখনো আঁচনিৰ ২৫ লাখৰো অধিক টকা আত্মসাৎ কৰিছিল বিগত কিছু দিনত।

শেহতীয়াকৈ এই সন্দৰ্ভত জানিব পাৰিয়েই পঞ্চায়ত সচিবজনে বৰপেটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সভানেত্ৰী ৰুমা পাৰবিন আৰু স্বামী আলাল উদ্দিনক।

জানিব পৰা মতে, গ্ৰেপ্তাৰৰ পিছতে অভিযুক্ত দম্পতীহালক বুধবাৰে আদালতত হাজিৰ কৰোৱাত দুয়োকে ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

অন্যহাতে সভানেত্ৰীৰ স্বামী আলাল উদ্দিনৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত পকছ’ আইনৰ অধীনত আন এটা গোচৰ ৰুজু হৈ থকা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভতো তদন্ত অব্যাহত ৰাখিছে।