পত্নীৰ প্ৰতি থকা প্ৰেমৰ বাবেই শিক্ষকে পত্নীক উপহাৰ দিলে ‘তাজমহল’!

আধুনিক যুগৰ শ্বাহজাহান! পত্নীক উপহাৰ দিলে ‘তাজমহল’

নিউজ ডেস্ক। তাজমহল, নামেই যাৰ পৰিচয়। পত্নীৰ প্ৰতি থকা অত্যধিক ভালপোৱাৰ বাবেই যাক নিৰ্মাণ কৰিছিল শ্বাহজাহানে। যি ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ ৰ’ল।

কিন্তু এইবাৰ পোহৰলৈ আহিছে এজন আধুনিক শ্বাহজাহানৰ কথা। যিয়ে নিজৰ পত্নীক এটা ঘৰ উপহাৰ দি আচৰিত কৰে।

FE0-Z9ez-Uc-AM1645

যিটো ঘৰ আগ্ৰাৰ তাজমহলৰ প্ৰতিকৃতি। সেই লোকজন হল মধ্য প্ৰদেশৰ বুৰহানপুৰৰ বাসিন্দা তথা শিক্ষক আনন্দ প্ৰকাশ চৌকচি।

জানিব পৰা মতে, তেওঁৰ পত্নীক উপহাৰ হিচাপে এটা বিলাসী তাজমহলসদৃশ চাৰি শোৱনি কোঠাৰ ঘৰ নিৰ্মাণ কৰি দিছে, ঠিক যেনেদৰে শ্বাহজাহানে পত্নী মুমতাজৰ প্ৰতি প্ৰেমৰ চিহ্ন হিচাপে প্ৰসিদ্ধ স্মৃতিস্তম্ভটো নিৰ্মাণ কৰিছিল।

FEy-Sk-WQVQAALTNB

আনন্দ প্ৰকাশ চৌকচি নামৰ শিক্ষকজনে তেওঁৰ পত্নী মঞ্জুছা চৌকচিৰ বাবে চাৰিটা শোৱনি কোঠাৰ ভৱনটো নিৰ্মাণ কৰিছিল।

দম্পতীহালে অনুপ্ৰেৰণাৰ বাবে তাজমহল চাবলৈ আগ্ৰালৈ উৰা মাৰিছিল।

তেওঁলোকে ভৱনটোৰ স্থাপত্যৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল আৰু অভিযন্তাসকলক গাঁথনিগত উপাদানবোৰ মন কৰিবলৈ কৈছিল।

প্ৰথমে, চৌকচিয়ে বিচাৰিছিল যে তেওঁৰ অভিযন্তাসকলে ৮০ ফুট ওখ এটা গাঁথনি নিৰ্মাণ কৰক। অৱশ্যে এনে নিৰ্মাণৰ অনুমতি প্ৰত্যাখ্যান কৰা হৈছিল। প্ৰত্যাখ্যান কৰাৰ পিছত, তেওঁ তাজমহল শৈলীৰ অট্টালিকা এটা নিৰ্মাণ কৰাৰ সংকল্প লয়।

FE0-Z-g-FUUAAvm-KO

ভিতৰৰ কাৰুকাৰ্যৰ বাবে, তেওঁ বেংগল আৰু ইন্দোৰৰ শিল্পীসকলৰক আমন্ত্ৰণ জনাইছিল।

ঘৰটোৰ গম্বুজটো ২৯ ফুট উচ্চতাত থিয় হৈ আছে। ইয়াত তাজমহল শৈলীৰ টাৱাৰ অন্তৰ্ভুক্ত আছে, আৰু ঘৰটোৰ মজিয়া ৰাজস্থানৰ ‘মকৰানা’ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে, আনহাতে আচবাববোৰ মুম্বাইৰ শিল্পীয়ে নিৰ্মাণ কৰিছে।

চৌকচিৰ ঘৰটো সম্পূৰ্ণ হ’বলৈ প্ৰায় তিনি বছৰ লাগিছিল। অভিযন্তাসকলে তাজমহলৰ ত্ৰিমূৰ্তিৰ ছবিৰ ওপৰত গাঁথনিটো আধাৰিত কৰিছিল।

FE0-Z-BVVUAUxh-Wi

পৰামৰ্শদাতা অভিযন্তা প্ৰবীণ চৌকচিৰ মতে ঘৰটোৰ আকাৰ ৯০ বৰ্গ মিটাৰ আৰু ইয়াত মিনাৰ আছে।

মৌলিক গাঁথনিটো ৬০ বৰ্গ মিটাৰ আকাৰৰ। গম্বুজটো ২৯ ফুট উচ্চতাত থিয় হৈ আছে।

ইয়াত এটা ডাঙৰ হল, প্ৰথম মহলাত দুটা শোৱনি কোঠা, আৰু দ্বিতীয় মহলাত দুটা শোৱনি কোঠা, এটা পুথিভঁৰাল আৰু এটা ধ্যান কোঠা আছে।

FE0-Z9o-KVQAU6yif

কেৱল সেয়াই নহয়, ঘৰৰ ভিতৰৰ আৰু বাহিৰৰ পোহৰ এনেদৰে ডিজাইন কৰা হৈছে যে ই প্ৰকৃত তাজমহলৰ দৰে অন্ধকাৰত জিলিকি উঠে।

লগতে চাওকঃ

উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হােৱা সেনা জােৱানৰ পত্নী হ’ল সেনা বিষয়া

Leave a Comment