পত্নী অন্তঃসত্বা, ছবিগৃহত ক্ৰিকেট উপভােগ কৰি থাকােতে প্ৰাণ গ’ল যুৱকৰ…

পত্নী অন্তঃসত্বা, ছবিগৃহত ক্ৰিকেট উপভােগ কৰি থাকােতে প্ৰাণ গ’ল যুৱকৰ…

October 24, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

ভাৰত-পাকিস্তানৰ মাজত চলি থকা টি২੦ বিশ্বকাপৰ খেল উপভোগ কৰি থকাৰ সময়তে প্ৰাণ গ’ল এগৰাকী যুৱকৰ।

এই ঘটনাৰ স্থান শিৱসাগৰৰ ভাস্কৰজ্যােতি ছবিগৃহ।

জানিব পৰা মতে, শিৱসাগৰ চহৰৰ গণকপট্টী কৃষ্ণ নগৰৰ নিৱাসী পুত্ৰ বিতু গগৈ নামৰ যুৱকজনে (পিতাঃ দ্বিজেন গগৈ) আবেলি তিনিজন বন্ধুৰ সৈতে স্থানীয় ভাস্কৰজ্যোতি চিনেমা হলত ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেলৰ পোনপটীয়া সম্প্ৰচাৰ চাবলৈ গৈছিল৷

কিন্তু টিকেত ক্ৰয় কৰি খেল উপভোগ কৰি থকা বিতু হঠাৎ অসুস্থ হৈ পৰে ৷

লগে লগেই তাত উপস্থিত থকা লােকসকলে যুৱকজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

মৃত্যুৰ সময়ত যুৱকজনৰ বয়স ৩৪ বছৰ হৈছিল।

জানিব পৰা মতে, এবছৰৰ পুৰ্বে বিবাহ পাশত অৱদ্ধ হোৱা বিতুৰ পত্নী বৰ্তমান পাঁচ মাহৰ অন্ত:সত্বা ৷

এই ঘটনাই যুৱকজনৰ পৰিয়ালৰ আৰু আত্মীয়সকলক মৃয়মান কৰি তুলিছে।

ইপিনে, জয়সাগৰ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷