
পথাৰত গৰু আনিবলৈ গৈ বজ্ৰাঘাতত প্ৰাণ গ’ল প্ৰণৱৰ, পৰিয়ালত হাহাকাৰ
August 19, 2022নিউজ ডেস্ক। চৰণেহে জানে মৰণৰ ঠাই…। এই বাক্যশাৰীয়েই যেন সঁচা প্ৰমাণিত হ’ল প্ৰণৱ নাথ নামৰ এজন যুৱকৰ ক্ষেত্ৰতাে।
সন্ধিয়া গৰু আনিবলৈ পথাৰলৈ যােৱা গােৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত কাৰিপাৰাৰ উপৰ-বগুৱানৰ বাসিন্দা প্ৰণৱ কুমাৰ নাথৰ বজ্ৰপাতত মৃত্যু ঘটে।
এই আকস্মিক ঘটনাই গভীৰ শােকৰ ছাঁ পেলাই সমগ্ৰ অঞ্চলত।

জানিব পৰা মতে, ঘৰৰ সমীপতে সংঘটিত হয় এই শােকাৱহ ঘটনা।
প্ৰতিদিনৰ দৰেই যুৱকজনে গৰু আনিবলৈ পথাৰলৈ গৈছিল। তেনে সময়তে অকস্মাতে বজ্ৰাঘাতৰ ফলত কৰুণ মৃত্যুক আঁকােৱালি লয় প্ৰণৱ নাথে।

জানিব পৰা মতে, স্থানীয় নৰ কুমাৰ নাথৰ কনিষ্ঠ পুত্ৰ প্ৰণৱ নাথ গোৱালপাৰা নাথ যোগী ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্যৰ উপৰি উপৰ-বগুৱান শাখাৰ সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
[…] […]