পথৰ গাঁতৰ বাবে সংঘটিত হ’ল ভয়াৱহ দুৰ্ঘটনা, CCTV কেমেৰাত বন্দী দৃশ্য

নিউজ ডেস্ক। এক ভয়ংকৰ দুৰ্ঘটনা। পিছফালে বাছ আহি থকা দেখি এহাল দম্পতী বহি থকা বাইক লৈ গৈছিল পথৰ কাষত ৰখাবলৈ। পথৰ কাষ ভৰি আছিল বৰষুণৰ চিপচিপিয়া পানীৰে।

হঠাতে বাইকৰ চকা সোমাই পৰিল পানীৰ তলৰ গাঁতত। সেই সময়তে বাছখনে তেওঁলোকৰ কাষেৰে পাৰ হৈ গৈ আছিল।

চালকে নিয়ন্ত্ৰণ হেৰুৱাই বাইকৰ সৈতে এঢলীয়া হৈ পৰি গল বাছৰ ফালে। বাছৰ চকাত লাগি উফৰি পৰে মহিলা গৰাকী।

কথমপি তেওঁ নোসোমাই চকাৰ তলত। আৰু সৌভাগ্যক্ৰমে ৰক্ষা পৰে দুয়োৰে জীৱন।

এই ঘটনা মংগলবাৰে পুৱা সংঘটিত হয় চেন্নাইৰ অটাৰীত। দৃশ্যটো বন্দী হয় চিচি টিভিৰ কেমেৰাত। আৰু বৰ্তমান এই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

দৃশ্যটোত দেখা অনুসৰি, মহিলা গৰাকীৰ শৰীৰ বাছখন আৰু বাছখনৰ চকাত ঘৰ্ষণ হয়। যাৰ ফলত তেওঁ কিছু দূৰ পিছৰ পৰা উফৰি পৰে। লগে লগে ৰখাই দিয়া হয় বাছখন।

বিশেষ একো নেদেখি উপস্থিত লোকে যাবলৈ কোৱাত গুচি যায় বাছখন। ঘটনাৰ লগে লগেই সেই ঠাইত উপস্থিত হয় বহুতো লোক। আৰু দম্পতীদ্বয়ক সহায় কৰে সকলোৱে।

Leave a Comment