পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাৰ জোৱান মিন্টু গগৈয়ে

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ ১੦ দিন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত হাৰ মানিলে ভাৰতীয় সেনাৰ জােৱান মিন্টু গগৈয়ে।

মৃত্যুৰ সময়ত সেনা জােৱান মিন্টু গগৈৰ বয়স আছিল ৩੦ বছৰ।

উল্লেখ্য যে মিন্টু গগৈ শিৱসাগৰ জিলাৰ জাঁজী লেফেৰা টাউদাং গাঁও নিবাসী জয়ন্ত গগৈৰ একমাত্ৰ পুত্ৰ।

1

জানিব পৰা মতে, ছুটীত ঘৰলৈ অহা মিণ্টুৰ যোৱা ৪ জানুৱাৰীত তামুলীছিগা ভিতৰুৱা গাঁৱত সংঘটিত এক মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল।

সংকটজনক অৱস্থাত মিন্টু গগৈক প্ৰথমে ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছিল যদিও পিছত সংকটজনক অৱস্থাত যোৰহাট বায়ুসেনা বাহিনীৰ চিকিৎসালয়ত ভৰ্তি কৰা হয়।

যোৱা ১৪ জানুৱাৰীত মিণ্টু গগৈয়ে শেষ নিস্বাস ত্যাগ কৰে।

7-12

শনিবাৰে বিয়লি এক শোকাকুল পৰিৱেশত নিজা বাসগৃহৰ চোতালত সামৰিক মৰ্যাদাসহ মৃত সেনা জোৱানজনৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয়।

জোৱানজনৰ অকাল বিয়োগত সমগ্ৰ জাঁজী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে।

মৃত মিণ্টু গগৈয়ে পিতৃ-মাতৃৰ লগতে এগৰাকী বিবাহিতা ভগ্নীক ইহ সংসাৰত এৰি থৈ গৈছে।

লগতে চাওকঃ

অন্তঃসত্বা পত্নীক এৰি কৰ্মস্থলী ৰঙিয়ালৈ উভতিছিল অজিত, ৰে’ল দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ

G8

হিমশীতল বৰফৰ বুকুত মাঘ বিহুৰ বতৰত এপাক নাচিলে BSF জোৱানে, ভাইৰেল ভিডিঅ’

G3

Leave a Comment