পথ দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল আৰক্ষী জােৱান মনোৰঞ্জন গগৈৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ অৱশেষত চিকিৎসালয় মৃত্যুৰে হাৰ মানিলে অসম আৰক্ষীৰ জােৱান মনােৰঞ্জন গগৈয়ে।

উল্লেখ্য যে যােৱা ৩০ নৱেম্বৰত তিনিচুকীয়া জিলাৰ অন্তৰ্গত লাইপুলিৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল অসম আৰক্ষীৰ হাবিলদাৰ মনােৰঞ্জন গগৈ।

263210740-421240256332485-7135152351266933870-n

প্ৰয়াত মনােৰঞ্জন গগৈ

কৰ্তব্য সামৰি ঘৰলৈ মটৰচাইকেলেৰে আহি থকা অৱস্থাত লাইপুলি সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন গাড়ীৰ সৈতে হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় মনোৰঞ্জন গগৈৰ লগতে এজন আৰাহী।

ইয়াৰ পাছতে ডিব্ৰুগড়ৰ ব্যক্তিগত সঞ্জীৱনী নাৰ্ছিংহোমত জীৱন মৰণৰ সৈতে যুঁজ দি শুকুৰবাৰে বিয়লি মৃত্যুক আঁকােৱালি ল’লে মনােৰঞ্জন গগৈয়ে।

মৃত জােৱানজনৰ ঘৰ চাবুৱাৰ নিকটৱৰ্তী দংগচুক গাঁৱত। জােৱানজনৰ মৃত্যুৰ খবৰে তথা বৃহত্তৰ চাবুৱা অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে মনােৰঞ্জন গগৈ চংগচুক গাঁৱৰ কৃষক প্ৰদীপ গগৈৰ একমাত্ৰ পুত্ৰ আছিল।

উল্লেখ্য যে মাত্ৰ ৩ বছৰ পূৰ্বেই অসম আৰক্ষীৰ চাকৰিত যােগদান কৰিছিল প্ৰয়াত মনােৰঞ্জন গগৈয়ে।

উল্লেখ্য যে বাইকখনত আৰোহী হিচাপে থকা একেখন গাঁৱৰ অম্লান গগৈ সম্প্ৰতি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

লগতে চাওকঃ

ছুটীত ঘৰলৈ আহি পুনৰ কৰ্মস্থলীলৈ ঘূৰি নগ’ল CRPF জােৱান, পথ দুৰ্ঘটনাত মৃত্যু

Leave a Comment