পথ নহয় যেন পুখুৰী! পথৰ ওপৰৰ গাতত গা ধুই, যোগাসান কৰিলে এগৰাকী ব্যক্তিয়ে, কাষতে থিয় হৈ চাই থাকিল বিধায়কে…

পথ নহয় যেন পুখুৰী! পথৰ ওপৰৰ গাতত গা ধুই, যোগাসান কৰিলে এগৰাকী ব্যক্তিয়ে, কাষতে থিয় হৈ চাই থাকিল বিধায়কে…

August 9, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ পথ নহয়, যেন পথাৰ! ব্যস্ত পথটোৰ ওপৰত ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁত। এজাক বৰষুণৰ পাছত সেই গাঁতত পানী জমা হৈ পুখুৰী সদৃশ হৈ পৰিছে। আৰু পুখুৰী সদৃশ হৈ পৰিছেই যেতিয়া, গা টোকে তিয়াই ল’ব পৰা যায়।

সেয়ে পথৰ ওপৰৰ সেই প্ৰকাণ্ড গাঁতত গা ধুবলৈ আহিল এজন ব্যক্তি। গা ধোৱাৰ পূৰ্বে পানীত নামি তেওঁ যোগাসনো কৰিলে। আৰু এই সমগ্ৰ দৃশ্য কাষতে থিয় হৈ চাই থাকিবলগীয়া হ’ল স্থানীয় জন প্ৰতিনিধি এগৰাকীয়ে।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কেৰালাৰ মালাপপুৰমৰ পাণ্ডিক্কাডুৰ এটা জৰাজীৰ্ণ পথৰ ওপৰত এজন ব্যক্তিয়ে সাব্যস্ত কৰা অভিনৱ প্ৰতিবাদৰ কেইখনমান আলোকচিত্ৰ।

ভাইৰেল ছবি কেইখনৰ কোনোবাখনত যদি ব্যক্তিজনক পথৰ গাঁতত থিয় হৈ যোগাভ্যাস কৰি থকা দেখা গৈছে, আনখনত আকৌ দেখা গৈছে গা ধুই থকা। ভাৰত চৰকাৰৰ উন্নয়নমুখী আঁচনিৰ নামত সংঘটিত ভেকোভাঁওনা ইয়েই যেন উদঙাই দিছে।

দৰাচলতে পাণ্ডিক্কাডুৰ এটা অতি গুৰুত্বপূৰ্ণ পথৰ দুৰাৱস্থাই প্ৰতিদিনে জীয়াতু ভোগাই আহিছে শ শ লোকক। চৰকাৰ তথা জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবেই পথৰ ওপৰত সৃষ্টি হোৱা দ গাঁতত সোমাই সংঘটিত হৈছে বহু দুৰ্ঘটনা। স্থানীয় ৰাইজে পথটোৰ মেৰামতিৰ দাবী জনাই আহিলেও গুৰুত্ব দিয়া নাই কোনেও।

যাৰ বাবে পথটোৰ এনে দুৰাৱস্থা আৰু মেৰামতিৰ দাবীত এক অভিনৱ প্ৰতিবাদী পন্থা হাতত লয় ছুটি ছবি নিৰ্মাতা তথা অভিনেতা হামজা প’ৰলিয়েলে।

তেওঁ হাতত চাবোন, চেম্পু লৈ আহি পথৰ ওপৰৰ প্ৰকাণ্ড গাঁতত জমা হোৱা বৰষুণৰ পানীত গা ধুবলৈ নমাৰ লগতে তাত থিয় হৈ যোগাসনো কৰে। হামজা প’ৰলিয়েলৰ এই অভিনৱ প্ৰতিবাৰ সময়ত কাষতে থিয় হৈ চাই থাকে অঞ্চলটোৰ বিধায়ক ইউ এ লাথিফে।

হামজাই কয়, ‘পথটোৰ মেৰামতিৰ বাবে আমি কেইবাবাৰো আবেদন, নিবেদন কৰিছো। কিন্তু তাৰ পিছতো কোনেও গুৰুত্ব দিয়া নাই। তেতিয়া আমি ভাৱিলো যে পথটোৰ প্ৰতি কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰতিবাদৰ প্ৰয়োজন। সেয়েহে এই পন্থা হাতত ল’বলৈ বাধ্য হৈছো।’

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও হামজাই পথৰ ওপৰত সৃষ্টি হোৱা গাঁতৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। সমান্তৰালভাৱে পেট্ৰ’ল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য আৰু অন্যান্য সামাজিক বিষয়ৰ ওপৰতো তথ্যচিত্ৰ আৰু ছুটি ছবি নিৰ্মাণ কৰি আহিছে হামজা প’ৰলিয়েলৰে।