পশুখাদ্য কেলেংকাৰীৰ পঞ্চমটো গোচৰত লালু প্ৰসাদ যাদৱৰ শাস্তি ঘোষণা

পশুখাদ্য কেলেংকাৰীৰ পঞ্চমটো গোচৰত লালু প্ৰসাদ যাদৱৰ শাস্তি ঘোষণা

February 21, 2022 0 By NEWS DESK

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ প্ৰধান লালু প্ৰসাদ যাদৱক বিহা হল ৫ বছৰ কাৰদণ্ড আৰু ৬০ লাখ জৰিমনা।

দোৰণ্ডা কোষাগাৰৰ পৰা ১৩৯ কোটি টকা আত্মসাতৰ গোচৰত দোষী সাব্যস্ত হোৱা লালু যাদৱক সোমবাৰে শাস্তি বিহে ৰাচীৰ চিবিআই বিশেষ আদালতে।

উল্লেখ্য যে, লালু প্ৰসাদ যাদৱক যোৱা ১৫ ফেব্ৰুৱাৰীত এই গোচৰত দোষী সাব্যস্ত কৰা হৈছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ উপৰিও আন ৩৭ জনোকো আদালতে দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰিছিল।

উল্লেখ্য যে, পশুখাদ্য কেলেংকাৰী গোচৰত লালু প্ৰসাদ যাদৱক আন ৪ টা গোচৰতো দোষী সাব্যস্ত কৰি আদালতে ১৪ বছৰ কাৰদণ্ড বিহিছিল। কিন্তু পূৰ্বৰ চাৰিওতা গোচৰত জামিন লাভ কৰিছিল লালু যাদৱে।

ইফালে পঞ্চমটো গোচৰটো চিবিআই আদালতে তেওঁক দোষী সাব্যস্ত কৰি সোমবাৰে ৫ বছৰ কাৰাদণ্ডৰ লগতে ৬০ লাখ টকাৰ জৰিমনা বিহে।

জানিব পৰা মতে, চিবিআই আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ মন মেলিছে লালু প্ৰসাদ যাদৱে।