পশ্চিম গুৱাহাটীৰ ৰাণী বনাঞ্চলত গৰ্ভৱতী বন্যহস্তীৰ ৰহস্যজনক মৃত্যু, দৃৰ্বৃত্তই কাটি নিলে দাঁত

নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে বন্য জীৱ-জন্তুৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। ইয়াৰ মাজতে মহানগৰীৰ পশ্চিম গুৱাহাটীৰ ৰাণী বনাঞ্চিলক কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত এজনী গৰ্ভৱতী বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমী ৰাইজক।

ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ছাটাৰগাঁৱৰ গভীৰ অৰণ্যত প্ৰায় তিনি সপ্তাহ পূৰ্বে গৰ্ভৱতী হাতীৰ মৃতদেহ উদ্ধাৰ হোৱা স্থান পৰিদৰ্শন কৰে বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক নৃপেন কলিতাই ।

ৰাণীৰ বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মন, বনাঞ্চলিক কাৰ্যালয়ৰ এটা বনকৰ্মীৰ দলসহ ঘটনাস্থলী পৰিদৰ্শন কৰি বন বিষয়া নৃপেন কলিতাই গৰ্ভৱতী হাতীটোৱে কি পৰিস্থিতিত কেনেকৈ মৃত্যুৰ মুখত পৰিছিল তাৰ চৰজমিন তদন্ত কৰে।

উল্লেখযোগ্য যে ছাঁটাৰগাঁৱৰ পৰা প্ৰায় ২ কিঃমিঃ ভিতৰত অতি দুৰ্গম অঞ্চলত যোৱা ৪ মাৰ্চত মৃতদেহৰ দুৰ্গন্ধ অনুসৰণ কৰি ৰাণী বনাঞ্চলৰ অধীনৰ স্থানীয় সজনপাৰা খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বিষয়া বাবুল কোঁৱৰৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে থিয়পানী জলপ্ৰপাতৰ বিপৰীত দিশত থকা পাহাৰৰ ওপৰত বাঁহৰ জোপোহাত লাগি থকা অৱস্থাত এটা গৰ্ভৱতী হাতীক মৃত অৱস্থাত উদ্ধাৰ কৰিছিল ।

সেইদিনা পলম হোৱা বাবে বনকৰ্মীৰ দলটোৱে উভতি আহে । পাছদিনা ৫ মাৰ্চত ৰাণীৰ বন বিষয়া মনোৰঞ্জন বৰ্মনে ৰাণীৰ পশু চিকিৎসা বিষয়া ডাঃ নাৰায়ণ দেউৰীক লগত লৈ ঘটনাস্থলীলৈ গৈ মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে অধিক পৰীক্ষাৰ বাবে মৃতদেহৰ অৱশিষ্ট সংগ্ৰহ কৰে ।

প্ৰাৰম্ভিক পৰীক্ষাত প্ৰায় ৪০ ৰ পৰা ৪৫ বছৰ বয়সৰ হাতীটো অতি বেয়া ঠাইত আবদ্ধ হৈ পৰাত প্ৰসৱ বেদনাত মৃত্যুক সাৱটি লবলগীয়া হোৱাটো পশু চিকিৎসকে নিশ্চিত কৰে। তাৰপাছত বনকৰ্মীৰ দলে বিভাগীয় নীতি অনুসৰি হাতীটো সেই স্থানতে সমাধিস্থ কৰে ।

তাৰ পাছত ৰাণীৰ বনাঞ্চলিক বিষয়াই পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাক এই সম্পৰ্কীয় প্ৰতিবেদন প্ৰেৰণ কৰে । বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত সহকাৰী বন সংৰক্ষক নৃপেন কলিতাই ছাটাৰগাঁৱলৈ আহি গৰ্ভৱতী হাতীটোৰ মৃত্যু হোৱা ঘটনাৰ চৰজমিন পৰিদৰ্শন কৰি বুজ লয়।

লগতে চাওকঃ

হঠাতে ‘মামা’ৰ কাষত উপস্থিত ডিম্পু বৰুৱা! ল’লে ‘অৰাজনৈতিক’ সাক্ষাৎকাৰ

আজব ঘটনা! প্ৰকৃত গৰাকীক চিনাক্ত কৰিবলৈ সম্পন্ন হ’ল পােহনীয়া কুকুৰৰ DNA পৰীক্ষা

Leave a Comment