পাচলি বিক্ৰী কৰি সঞ্চয় কৰা ধনেৰে ১০ বছৰত ১১ দেশ ভ্ৰমণ এগৰাকী ৬১ বৰ্ষীয় বৃদ্ধাৰ

নিউজ ডেস্কঃ সাধাৰণতে অধিকাংশ মানুহৰ জীৱন নিজৰ কৰ্ম, পৰিয়াল আৰু দায়বদ্ধতাৰ মাজতে পাৰ হৈ যায়।

এই পৃথিৱীখন চোৱাৰ হেঁপাহ, মানুহক জনাৰ হেঁপাহ বহুতৰে থাকে যদিও আৰ্থিক অভাৱ বা পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতাই যেন মনৰ আকাংক্ষাক চেপি চেপি নিঃশেষ কৰে।

পৃথিৱীৰ প্ৰতিটো চুকে কোণে গৈ জীৱনটো জীয়াবলৈ মন কৰিছিল এগৰাকী ৬১ বছৰীয়া বৃদ্ধাইও। কিন্তু প্ৰথমাৱস্থাত তেওঁৰ বাবে প্ৰধান সমস্যা হৈ থিয় দিছিল আৰ্থিক অভাৱ।

তাৰ সমান্তৰালভাৱে স্বামীৰ অবিহনে দুই সন্তানৰ দায়িত্ব পালন কৰিবলগাও হৈছিল তেওঁ।

কিন্তু লাহে লাহে দুই সন্তান ডাঙৰ হ’ল। ছোৱালীজনীক বিয়া দি আন এখন ঘৰলৈ উলিয়াই দিয়া হ’ল। পুত্ৰইও নিজৰ কামত ব্যস্ত হৈ পৰিল। আৰু তাৰ পিছতে নিজৰ সপোন পূৰণ কৰাৰ বাবে উঠিপৰি লাগিল বৃদ্ধাগৰাকী।

তেওঁৰ নাম মলি জয়। কেৰালাৰ এনাৰকুলামৰ নিৱাসী মহিলাগৰাকীৰ জীৱন আৰু জীৱিকা চলে এখন গেলামাল দোকানৰ ওপৰত নিৰ্ভৰ কৰি।

২৬ বছৰ পূৰ্বেই স্বামী আৰু তেওঁ খুলিছিল গেলামাল দোকানখন। লাহে লাহে তাতেই শাক-পাচলিৰ পৰা ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ আৰম্ভ কৰে।

সেই সৰু দোকানখনৰ পৰা জমা কৰা ধনেৰেই বিগত ১০ বছৰ ১১ খন দেশ ভ্ৰমণ কৰিছে মলি জয়ে। ভ্ৰমণৰ নামত ইতিমধ্যে খৰছ কৰিছে ১০ লক্ষাধিক টকা।

ভ্ৰমণৰ বাবে টকা জমা কৰিবলৈ তেওঁ কৰে কঠোৰ পৰিশ্ৰম। প্ৰতিদিনে পুৱাৰে পৰা নিশালৈকে তেওঁ দোকান খোলে। তাৰ পিছত যেতিয়া পৰ্যাপ্ত টকা হাতত জমা হয়, তেতিয়াই উৰা মাৰে পৃথিৱী চাবলৈ।

মলি জয়ে সৰুৰে পৰাই ভ্ৰমণ কৰাৰ সপোন দেখিছিল যদিও ভ্ৰমণৰ প্ৰতি দুৰ্বাৰ বাসনা মনলৈ আহে ১০ বছৰ পূৰ্বে। তেওঁক এগৰাকী মহিলাই এবাৰ উটিলৈ গৈছিল।

সৌজন্যতাৰ খাতিৰতো মলিকো ভ্ৰমণৰ বাবে সেই সময়ত লগ ধৰিছিল মহিলাগৰাকীয়ে। মলিয়েও সন্মত হৈ ওলাই গৈছিল উটি ভ্ৰমণলৈ।

প্ৰথমবাৰ নিজৰ ঠাই টুকুৰাৰ পৰা বাহিৰলৈ ওলাই গৈ এক অনন্য অভিজ্ঞতা লাভ কৰিছিল মলি জয়ে। আৰু তেতিয়াই তেওঁ লৈছিল সিদ্ধান্ত- যেনেকৈয়ে নহওক, তেওঁ বিদেশলৈও ভ্ৰমণ কৰিবলৈ যাব।

ইয়াৰ পিছতে তেওঁ অধিক পৰিশ্ৰম কৰি টকা জমা কৰিবলৈ আৰম্ভ কৰে।

২০১০ চনত তেওঁ পাছপ’ৰ্টৰ বাবে আবেদন জনায়। তাৰ পিছতে ২০১২ চনত তেওঁ প্ৰথমবাৰ আন্তঃৰাষ্ট্ৰীয় বিমানত উঠি ১০ দিনৰ বাবে ইউৰোপ ভ্ৰমণ কৰে।

সেয়াই আৰম্ভণি। তেতিয়াৰে পৰা আৰু থমকি ৰোৱা নাই মলিয়ে। ইতিমধ্যে তেওঁ ছিংগাপুৰ, মালয়েছিয়া, নেডাৰলেণ্ড, ইটালী আৰু আমেৰিকাকে ধৰি ১১ খন দেশ ভ্ৰমণ কৰিছে।

প্ৰতিবাৰেই তেওঁ ভ্ৰমণৰ পৰা উভতি আহি ন উদ্যমৰে নিজৰ দোকানখনত নিয়োজিত হৈ পৰে। পুৱাৰে পৰা ৰাতিলৈকে তেওঁ দোকানত কাম কৰি টকা সঞ্চয় কৰে আৰু আন এখন দেশলৈ ভ্ৰমনলৈ যায়।

শেহতীয়াকৈ এই গৰাকী বৃদ্ধাৰ ভ্ৰমণ কৰাৰ দুৰ্বাৰ হেঁপাহে অনুপ্ৰানিত কৰিছে আন বহুতকো। মলিয়ে কয়, ‘মই যিমানবাৰেই ভ্ৰমণলৈ গৈছো, সিমানেই মই নতুন নতুন অভিজ্ঞতা বুটলি আনিছো। এয়াই মোৰ বাবে সাৰ্থকতা।’

লগতে চাওকঃ

৯৪ বছৰ বয়সতো দুঃসাহসিক প্ৰদৰ্শন! আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযােগিতাত সোণ-ব্ৰঞ্জৰ পদক জয় ‘আইতা’ৰ