নিউজ ডেস্ক। এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ দুঃসাহসী কাৰ্য। পানীত ডুব গৈ থকা যুৱকৰ প্ৰাণৰক্ষা কৰিবলৈ নিজৰ জীৱনকাে তুচ্ছ জ্ঞান কৰি জঁপিয়ালে নৈত।
আৰক্ষী বিষয়াই অতি কষ্টৰে প্ৰাণৰক্ষা কৰিলে যুৱকজনৰ।

এই ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ আলিগড়। এনে দুঃসাহসী কাৰ্যৰ বাবে তেওঁ লাভ কৰিলে পুৰস্কাৰ।
এই বিষয়াজন হ’ল আলিগড় আৰক্ষীৰ উপ-পৰিদৰ্শক আশীষ কুমাৰ।
খবৰ অনুসৰি, এই ঘটনা যোৱা ২০ জুনৰ গঙ্গানহৰৰ। সেই সময়ত সেই স্থানত কৰ্তব্যত আছিল আশীষ কুমাৰ।
দুপৰীয়া ১:৩০ মান বজাত তেজ সিং যাদৱ নামৰ যুৱকজন ৰৈ আছিল নদীৰ পাৰত। হঠাতে যুৱকজন পৰি যায় নদীত।
সেই দৃশ্য দেখি চিঞৰ বাখৰ কৰে উপস্থিত স্থানীয় লোকে। লগে লগে সেই দৃশ্য দেখি উপ পৰিদৰ্শকজনে নিজৰ জীৱনকো তুচ্ছ কৰি জঁপিয়াই পৰে নদীত।
In an outstanding display of courage, SI Asish kumar of @aligarhpolice jumped in Gangnahar to rescue a drowning man.
— UP POLICE (@Uppolice) June 21, 2021
DGP UP has announced his commendation disc for his rarest act of bravery and dutifulness !#UPPCares pic.twitter.com/4Mmbu27BWq
তেওঁ সৰু কালতেই সাঁতুৰিছিল। বহু দিন তেওঁ সাঁতোৰা নাছিল। যুৱকজনক উদ্ধাৰ কৰিব পাৰিবনে নোৱাৰিব তাকলৈয়ো তেওঁ আছিল সন্দিহান। তথাপিও সকলো পাহৰি তেওঁ কৰ্তব্যৰ খাতিৰত জঁপিয়াই দিয়ে নদীত।
সেই অনুসৰি বহু দূৰ সাঁতুৰি উদ্ধাৰ কৰি আনে যুৱকজনক।
এই কথা পৰৱৰ্তী সময়ত সৰ্বত্ৰে বিয়পি পৰে।

এই কথা আৰক্ষীৰ শীৰ্ষ বিষয়াই জানিব পাৰি প্ৰশংসা কৰে উপ পৰিদৰ্শকজনক।
আলিগড়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক কলানিধি নেথানিয়ে এই দৃশ্য শ্বেয়াৰ কৰি টুইট যোগে কয়, “আলিগড় আৰক্ষীৰ উপ পৰিদৰ্শক আশীষ কুমাৰে লৰালি কালতে শিকিছিল সাঁতুৰিবলৈ। বহু দিন তেওঁ সাঁতোৰাও নাছিল। কিন্তু পানীত ডুব যোৱা লোকৰ জীৱন ৰক্ষাৰ বাবে খাকী পোছাক পৰিধান কৰা সকলোৱে যিকোনো কাম কৰিব পাৰে। তেওঁক প্ৰশংসা পত্ৰ সহ ২৫০০০ টকাৰে পুৰস্কৃত কৰা হয়।”

উল্লেখ্য যে উপ পৰিদৰ্শক আশীষ কুমাৰলৈ উত্তৰ প্ৰদেশ গৃহ বিভাগেও পুৰস্কাৰ ঘোষণা কৰে। গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অৱনিশ আৱস্থীয়ে কুমৰলৈ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰে।