নিউজ ডেস্ক। সাধাৰণতে পানী অথবা নৈ কাষত দেখা পোৱা যায় ঘঁৰিয়াল। কিন্তু এইবাৰ এটা ঘঁৰিয়ালক দেখা পোৱা গ’ল এক আৱাসিক এলেকাত।
বৃহস্পতিবাৰে পুৱা এটা ঘঁৰিয়ালক খোজকাঢ়ি যোৱা দৃশ্য দেখা পোৱা গ’ল কৰ্ণাটকৰ উত্তৰা কানাড়া জিলাৰ কোগিলাবান্না গাঁৱৰ পথত।

পুৱা সেই দৃশ্য দেখি আচৰিত হৈ পৰে স্থানীয় লোকসকল। বৰ্তমান সেই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
জানিব পৰা মতে, ঘঁৰিয়ালটোৱে গাওঁখনৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত অৱস্থিত দাণ্ডেলি চহৰৰ কালী নদীৰ পৰা আহিছিল। ঘঁৰিয়ালটোক প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে বন বিভাগক। পৰৱৰ্তী সময়ত বন বিভাগৰ বিষয়াসকল সেই স্থানত উপস্থিত হৈ ঘঁৰিয়ালটোক ধৰে আৰু নদীত এৰি দিয়ে।
ভাইৰেল হৈ পৰা এটা দৃশ্যত দেখা অনুসৰি, ঘঁৰিয়ালটোৱে পথত খোজকাঢ়ি আহি আছিল আৰু পথৰ দুয়ো কাষৰ ঘৰৰ লোকে তাক চাইছিল। ইয়াৰোপৰি বহুতো শিশু সহ স্থানীয় লোকে ঘঁৰিয়ালটোৰ পিছে পিছে আহিছিল আৰু সেই দৃশ্য মোবাইল কেমেৰাত বন্দী কৰিছিল। অৱশ্যে ঘঁৰিয়ালটোৱে কাকোৱেই কোনো আক্ৰমণ অথবা অপকাৰ কৰা নাছিল। কেৱল শান্ত সমাহিতভাৱে গৈ আছিল।
Scenes from coastal Karnataka where a crocodile got up from the river and went to town pic.twitter.com/UWYK0ftwiM
— Soumya Chatterjee (@Csoumya21) July 1, 2021
ডাণ্ডেলীৰ উপ বনাঞ্চলিক বিষয়া ৰামু গৌড়াই কয়, “কালী নদীখন গাওঁখনৰ কাষতে আছে। সেয়েহে গাঁওখন ঘঁৰিয়ালৰ বাসস্থান। মাজে মাজে ঘঁৰিয়াল বোৰে পানীৰ পৰা পথলৈ উঠি যায়।”
বিষয়াজনে লগতে কয় যে, “সাধাৰণতে সৰীসৃপ জাতীয় প্ৰাণীবোৰ ক্ষতিকাৰক নহয়। কিন্তু ভিৰ বা কোলাহলৰ বাবে তেওঁলোকে কেতিয়াবা ভয় খায় আৰু হিংসাত্মক হৈ পৰে।”