পানী পৰিশোধন নতুন প্রযুক্তি উদ্ভাৱনেৰে আমেৰিকাত উজলিল অসমৰ জীয়ৰী হৰ্ষিতা…

নিউজ ডেস্ক। পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান।

এইবাৰ পানী পৰিশােধনৰ নতুন প্ৰযুক্তি উদ্ভাৱন কৰি আন্তঃৰাষ্ট্ৰীয় পর্যায়ত সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে অসমীয়া পৰিবেশ বিজ্ঞানী ড° হর্ষিতা গগৈ।

এই নতুন উদ্ভাৱনৰ বাবে ইতিমধ্যে পেটেন্ট বিচাৰি আবেদন জনাইছে বিজ্ঞানীগৰাকীয়ে।

উল্লেখ্য যে জৈৱ ব্যৱস্থাপনাৰ জৰিয়তে উদ্ভাৱন কৰা এই প্ৰযুক্তিৰ জৰিয়তে বৰ্জিত পানীও শোধন কৰিব পৰা যাব।

বর্জিত পানীত মিহলি হৈ থকা অতি বিষাক্ত পদার্থ তথা ছালফেটৰ লগতে খনিসমূহৰ পৰা নিৰ্গত বৰ্জিত পানীও পৰিশোধন কৰা সম্ভৱপৰ হ’ব।

এই আবিষ্কাৰে পানী পৰিশোধনৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে গুৱাহাটীত জন্মগ্রহণ কৰা ড° হর্ষিতা গগৈয়ে উচ্চ শিক্ষাৰ বাবে ফিনলেণ্ডলৈ গৈ ওলু বিশ্ববিদ্যালয়ৰ পৰা পৰিবেশ অভিযান্ত্রিক পাঠ্যক্ৰমত স্নাতকোত্তৰ ডিগ্ৰী আৰু ডক্টৰেড ডিগ্রী লাভ কৰে।

ইয়াৰ পিচতে তেওঁক ফিনলেণ্ডৰ চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠান হেলছিংকি আঞ্চলিক পৰিবেশ সেৱাৰ বাবে বাছনি কৰা হয়।

ছফ্‌টৱেৰ অভিযন্তা প্রীতম গগৈৰ সৈতে বিবাহসূত্রে ডঃ হৰ্ষিতা সম্প্ৰতি আমেৰিকাৰ বাসিন্দা।

লগতে আমেৰিকাৰ ইভাকুৱা বাটাৰ টেকন’লজি নামৰ কোম্পানীটোৰ গৱেষণা আৰু উন্নয়ন অভিযান্ত্রিক প্রকল্প মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।