দ পুখুৰীত জঁপিয়াই একেলগে জীৱন শেষ কৰিলে ৬ মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা কমল-পূৰৱীয়ে

দ পুখুৰীত জঁপিয়াই একেলগে জীৱন শেষ কৰিলে ৬ মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা কমল-পূৰৱীয়ে

August 16, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ নিশাৰ অন্ধকাৰত পুখুৰীত জঁপিয়াই এহাল দম্পতীয়ে আত্মহত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে চৰাইদেউ জিলাৰ সাপেখাতীত।

সাপেখাতীৰ গৰিয়াছিগাত ১৫ আগষ্টৰ নিশা ঘৰৰ ওচৰৰ এটা দ পুখুৰীত জঁপিয়াই আত্মহত্যা কৰে এহাল ন দম্পতীয়ে।

মাথো ছমাহ পূৰ্বে প্ৰেম বিবাহত আৱদ্ধ হোৱা দম্পতী হালে কি কাৰণে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি ল’লে, তাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

অৱশ্যে পাৰিবাৰিক কলহৰ পৰিণততে নৱ বিবাহিত পতি-পত্নীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে।

মৃত দুয়োগৰাকীক বিবেক দাসৰ পুত্ৰ কমল দাস আৰু বোৱাৰী পূৰৱী দাস বুলি চিনাক্ত কৰা হৈছে।

ইফালে পুৱা এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ বাহিনী উপস্থিত হৈ পুখুৰীৰ পানীৰ পৰা উদ্ধাৰ কৰে পতি-পত্নীৰ মৃতদেহ।

স্বাধীনতা দিৱসৰ নিশাই সংঘটিত এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

লগতে চাওকঃ

মৰ্মান্তিক! বিধায়কৰ কাৰ্যালয়ত পতাকা নমাবলৈ গৈ বিদ্যুৎস্পৃষ্ট যুৱক, চিকিৎসালয়ত মৃত্যু