পিতৃ অৱসৰপ্ৰাপ্ত সৈনিক, ২৪ বছৰ বয়সত শ্বহীদ সেনাত কৰ্মৰত পুত্ৰ

নিউজ ডেস্ক। ভাৰতীয় সেনাত ৩ দশক ধৰি দায়িত্ব পালন কৰা এগৰাকী অৱসৰপ্ৰাপ্ত সৈনিক ২৪ বছৰীয়া পুত্ৰ হ’ল দেশৰ বাবে শ্বহীদ।

বৰফাবৃত্ত সুউচ্চ চিয়াচেনৰ যুদ্ধক্ষেত্ৰত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হ’ল ভাৰতীয় সেনাৰ জোৱান বিপিন সিং গােঁসাই।

জোৱানজনৰ উত্তৰাখণ্ডৰ গড়ৱালৰ পাউৰীৰ পাবৌ খণ্ডৰ ধাৰকোট গাঁৱৰ বাসিন্দা।

দেওবাৰে কৰ্তব্যৰত অৱস্থাত এক শােকাৱহ দুৰ্ঘটনাত প্ৰাণ ত্যাগ কৰে সৈনিকগৰাকীয়ে।

245248022-253202086815592-58140375649004523-n

প্ৰাপ্ত তথ্য অনুসৰি, বিপিন ৫৭ নং বেংগল ইঞ্জিনিয়াৰিঙৰ জোৱান আছিল আৰু বৰ্তমান চিয়াচেনত তেওঁৰ কৰ্তব্য পালন কৰি আছিল।

বিপিন সিং গুচাইনৰ মৃত্যুৰ খবৰে তেওঁৰ জন্মস্থান ধাৰকোটত এক বিষাদময় পৰিৱেশৰ সৃষ্টি কৰে। একে সময়তে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

স্থানীয় বিধায়ক তথা ৰাজ্যৰ উচ্চ শিক্ষা মন্ত্ৰী ড০ ধন সিং ৰাৱাটে বিপিন সিং গুচাইন শ্বহীদ হোৱাৰ বাবে শোক প্ৰকাশ কৰে। আৰু শ্বহীদৰ পৰিয়ালক বেদনা সহ্য কৰাৰ শক্তি প্ৰদান কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

245204500-253202156815585-224510293494751939-n

উল্লেখ্য যে বিপিন সিঙৰ বয়স ২৪ বছৰ আছিল। ৪ বছৰ পূৰ্বে তেওঁ সেনাত যোগদান কৰিছিল।

তেওঁৰ মাক-দেউতাক গাঁৱত বাস কৰে। তেওঁৰ পিতৃয়ো এজন সেনাৰ অৱসৰপ্ৰাপ্ত জোৱান।

photo-2021-10-12-00-12-02

আনহাতে তেওঁৰ জ্যেষ্ঠ ভাতৃয়ো সেনাত কৰ্মৰত। জ্যেষ্ঠ ভাতৃৰ পৰিয়াল কোটদ্বাৰত বাস কৰে। বিপিন সিং মাৰ্চ মাহত ছুটিত ঘৰলৈ আহিছিল।

শ্বহীদৰ মৃতদেহ ওপজা গাঁওখনত উপস্থিত হােৱাৰ পাছত সম্পূৰ্ণ সামৰিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয়।

Leave a Comment