পিপিই কিটত ক’ভিড পজিটিভ কইনা, ক’ভিড চিকিৎসালয় পৰিণত হ’ল বিবাহ স্থলীলৈ!

নিউজ ডেস্ক। সঁচাই কি যে আচৰিত। কেতিয়া কাৰ ক’ত কেনেকৈ বিবাহ হয়, সেইয়া যেন সঁচাই কোনেও ক’ব নোৱাৰে।

এইবাৰ চিকিৎসালয়ৰ ক’ভিড কক্ষ পৰিণত হ’ল বিবাহ ভৱনলৈ। এই ঘটনা হৈছে ২৫ এপ্ৰিলৰ দিনা কেৰেলাৰ অলাপুজ্জা জিলাৰ ভাণ্ডানাম চিকিৎসা মহাবিদ্যালয়ত।

ঘটনা অনুসৰি, কেৰেলাৰ কইনাকাৰী অঞ্চলৰ দৰা সাৰথ মন আৰু থেক্কানাৰায়ড অঞ্চলৰ কইনা অভিৰামিৰ বিবাহৰ দিন ঠিক হৈছিল ২৫ এপ্ৰিলৰ দিনা। কিন্তু বিবাহৰ চাৰি দিন পূৰ্বে দৰা সাৰথ মন আৰু তেওঁৰ মাতৃৰ দেহত ধৰা পৰে কভিড পজিতিভ।

লগে লগে উশাহ লোৱাত কষ্ট অনুভৱ কৰা দুয়োকে ভৰ্তি কৰোৱা হয় ভাণ্ডানাম চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড কক্ষত। ইয়াৰ পিছতেই চিন্তা আৰু দুখত ভাগি পৰে দৰা কইনাৰ লগতে আত্মীয় সকলো।

সেই অনুসৰি কইনাৰ আত্মীয়ই কৰিলে এক আলোচনা। আলোচনা অনুসৰি তেওঁলোকে সেই তাৰিখতে বিবাহখন অনুষ্টুপিয়াকৈ আয়োজন কৰাৰ সিদ্ধান্ত ললে আৰু কইনাই চিকিৎসালয়তে গৈ দৰাক বৰমাল্য পৰিধান কৰোৱাৰ সিদ্ধান্ত ললে।

সেই অনুসৰি জিলা উপায়ুক্তৰ অনুমতি লৈ কইনা অভিৰামিয়ে মুখত মাস্ক আৰু সমস্ত শৰীৰত পি পি ই কীট পৰিধান কৰি দৰাক পৰিধান কৰালেগৈ বৰমাল্য। আৰু তেনেকৈয়ে সম্পন্ন হল তেওঁলোকৰ বিবাহ। এই দৃশ্যৰ সাক্ষী হৈ ৰল চিকিৎসালয়ৰ অধীক্ষক ডাঃ আৰ ভি ৰামলাল তথা চিকিৎসালয় কৰ্তৃপক্ষ আৰু দৰা-কইনাৰ পৰিয়াল।

উল্লেখ্য যে এই বিবাহখন অনুষ্ঠিত হোৱাৰ বাবে সময় ঠিক হৈছিল যোৱা বৰ্ষত। কিন্তু সেই সময়ত দেশত দেখা দিয়া মহামাৰীৰ বাবে বাতিল হৈছিল এই বিবাহখন। সেই অনুসৰি পুনৰ যোৱা শনিবাৰে অৰ্থাৎ ২৫ এপ্ৰিলৰ দিনা ঠিক হৈছিল এই বিবাহখন। কিন্তু পুনৰ সেই একেই কভিড পৰিস্থিতি।

সেয়েহে জিলা প্ৰশাসনৰ অনুমতি লৈ ৭৫ জন অতিথিৰে পুনৰ আয়োজন কৰিছিল বিবাহখন। কিন্তু যোৱা ২১ এপ্ৰিলত দৰাৰ দেহত কভিড ধৰা পৰাত চিকিৎসালয়তে অনুষ্ঠিত কৰিলে বিবাহ। অৱশ্যে দৰাক বৰমাল্য পৰিধান কৰাই কইনা যায়গৈ নিজ ঘৰলৈ। যেতিয়া দৰা কভিড নিগেটিভ হৈ ঘৰলৈ পুনৰ উভতি যাব, তেতিয়াহে কইনা যাব দৰাৰ ঘৰলৈ।

এই দৃশ্য এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

লগতে চাওকঃ

দৰা ক’ভিড পজিটিভ! পি পি ই কীট পৰিধান কৰি বিবাহত বহিল দৰা-কইনা, ভিডিঅ’ ভাইৰেল

নৈশ সান্ধ্য আইনৰ মাজতে চলি থকা বিবাহ অনুষ্ঠান বন্ধ প্ৰশাসনৰ, নিলম্বিত আৰক্ষী বিষয়া

Leave a Comment