পুত্ৰৰ জন্মদিন উদযাপনৰ বাবে কৰিছিল যাত্ৰা, সেই যাত্ৰাই হৈ পৰিল অন্তিম যাত্ৰা…

নিউজ ডেস্ক। পুত্ৰৰ ওপজা দিন উদযাপনৰ বাবে কৰা যাত্ৰাই এটা পৰিয়ালৰ বাবে হৈ পৰিল অন্তিম যাত্ৰা। এক শােকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একে পৰিয়ালৰ ২ শিশুসহ ৬ জন লােকে।

এজন বাইক আৰোহীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা পুখুৰীত বাগৰি পৰে এখন ছুইফ্ট ডিজায়াৰ গাড়ী।

এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ বলৰামপুৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত।

স্থানীয় লোকে জনোৱা অনুসৰি, এজন বাইক আৰোহীক ৰক্ষা কৰিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে। যাৰফলত বাগৰি গৈ পথৰ কাষৰ পানী ভৰ্তি পুখুৰীত সোমাই পৰে গাড়ীখন। বাইক আৰোহী জনেও গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়।

উল্লেখ্য যে ঘটনাৰ পিছতেই স্থানীয় লোকে সকলোকে উদ্ধাৰৰ চেষ্টা কৰে আৰু আৰক্ষীক খবৰ দিয়ে। কিন্তু তেওঁলোকে কোনো লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

জানিব পৰা মতে মৃত আটাইকেইজন লোক একেটা পৰিয়ালৰে আছিল।

নিহত সকলৰ নাম হৈছেঃ পৰিয়ালৰ মুৰব্বী কৃষ্ণ কুমাৰ সিঙ, তেওঁৰ পত্নী স্নেহলতা সিঙ (৩২), কন্যা মনু সিঙ (১২), পুত্ৰ উৎকৰ্ষ সিঙ (১੦), ভতিজী সৌম্য সিঙ (১২) গাড়ী চালক শত্ৰুঘ্ন সিঙ।

দুৰ্ঘটনাটো সংঘটিত হয় ৭৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত। পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাটো সন্দৰ্ভত বলৰামপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অৰবিন্দ মিশ্ৰাই কয়, মহাৰাজগঞ্জ তেৰাই আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

গোণ্ডাৰ তাৰাবগঞ্জৰ পৰা এখন ছুইফ্ট ডিজায়াৰ গাড়ীত আহিছিল পৰিয়ালটো। কিন্তু পথত এখন মটৰ চাইকেলৰ সৈতে দুৰ্ঘটনা হোৱাত নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত সোমাই ডুব যায় গাড়ীখন।

আৰক্ষীয়ে সকলোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও সকলোকে মৃত ঘোষণা কৰে।

নিহত সকলৰ ভিতৰত তিনিজন পুৰুষ আৰু তিনিজন মহিলা আছিল। বাইক আৰোহীজন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

Leave a Comment