নিউজ ডেস্ক। কাৰাবন্দী পুত্ৰৰ জামিন বিচাৰি এগৰাকী আৰক্ষী বিষয়াৰ কাষ চাপিছিল এগৰাকী মাতৃ। কিন্তু দৰিদ্ৰ মহিলাগৰাকীৰ অসহায়তাৰ সুযোগ লৈ গা মালিচ কৰোৱালে আৰক্ষী বিষয়া জনে।
সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে নিলম্বন কৰা হৈছে আৰক্ষীৰ উপ পৰিদৰ্শক শশীভূষণ সিনহাক।
এই ঘটনা বিহাৰৰ সাহাৰচা জিলাৰ নৌহাট্টা আৰক্ষী চকীত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ভাইৰেল ভিডিঅ’টোত দেখা পোৱা মতে, এজন আৰক্ষী বিষয়া অৰ্ধ-উলংগ হৈ বহি আছে।
এগৰাকী মহিলাই তেওঁৰ কাষতে থিয় হৈ গা মালিচ কৰি দি আছে। ভিডিঅ’টোত আন এগৰাকী মহিলাক বিপৰীত ফালে এখন চকীত বহি থকা দেখা গৈছে।

ভিডিঅ’ত দেখা আৰক্ষী বিষয়াজনক উপ-পৰিদৰ্শক শশীভূষণ সিনহা বুলি চিনাক্ত কৰা হৈছে।
তেওঁ মহিলাগৰাকীৰ পুত্ৰৰ জামিনৰ বাবে কোনো অধিবক্তাৰ সৈতে ফোনত কথা পাতি থকা দেখা গৈছে। তেওঁ উকীলজনক কৈছে, “মই জামিনৰ বাবে দহ হাজাৰ টকা প্ৰেৰণ কৰিম। মই দুয়োগৰাকী মহিলাক প্ৰয়োজনীয় তথ্য আৰু আধাৰ কাৰ্ডৰ সৈতে আপোনাক লগ কৰিবলৈ কম।”
আৰক্ষী বিষয়াজনে মহিলাগৰাকী দৰিদ্ৰ বুলি কৈ এয়াও কয় যে মহিলাগৰাকীৰ পুত্ৰৰ জামিনৰ বাবে ধন পৰিশোধ কৰাৰ ক্ষমতা তেওঁৰ নাই। গতিকে তেওঁ ১০ হাজাৰ টকাই দিব।
ये बिहार पुलिस है, जो फरियादी महिलाओं से थाने में तेल की मालिश कराती है.
— Utkarsh Singh (@UtkarshSingh_) April 28, 2022
वीडियो में सहरसा जिले के डरहार ओपी के दारोगा शशिभूषण सिन्हा बताए जा रहे हैं, वीडियो वायरल. pic.twitter.com/BAyW68Vw8R
আৰক্ষী বিষয়া শশীভূষণ সিনহাই ফোনত কথা পাতি থকাৰ সময়তে মহিলাগৰাকীয়ে তেওঁৰ গা মালিচ কৰি আছিল।
এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
ইফালে ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় আৰক্ষী বিষয়াজনক।
সাহাৰচাৰ আৰক্ষী অধীক্ষক লিপিকা সিঙে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত এখন তদন্ত সমিতি গঠন কৰি দিয়া হৈছে।
এছডিপিঅ’ পদবীৰ এগৰাকী বিষয়াৰ দ্বাৰা তদন্তৰ প্ৰতিবেদনৰ পিছতহে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হব।