পুত্ৰৰ পিগি বেংকৰ পৰা ৫੦੦ টকা উলিয়াই লটাৰীৰ টিকট ক্ৰয় কৰিছিল অনুপে, আজি হৈ পৰিল ২৫ কোটি টকাৰ মালিক

পুত্ৰৰ পিগি বেংকৰ পৰা ৫੦੦ টকা উলিয়াই লটাৰীৰ টিকট ক্ৰয় কৰিছিল অনুপে, আজি হৈ পৰিল ২৫ কোটি টকাৰ মালিক

September 19, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ পুত্ৰৰ পিগি বেংকৰ টকাৰে লটাৰী টিকট ক্ৰয় কৰি ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ পৰিল এজন সাধাৰণ অটোৰিক্সা চালক।

হঠাৎ লাভ কৰা এই খবৰৰ ওপৰত প্ৰথমে তেওঁ নিজেও বিশ্বাস কৰিব পৰা নাছিল। কিন্তু তেওঁৰ কাষলৈ সোঁত বোৱা সংবাদ মাধ্যমৰ বাবে অৱশেষত তেওঁ জানিছিল যে সঁচাকৈয়ে এয়া সপোন নহয়, বাস্তৱতে তেওঁ হৈ পৰিছে কোটিপতি।

কেৰালা চৰকাৰৰ বহু প্ৰত্যাশিত ওনাম বাম্পাৰ লাকী ড্ৰ’ৰ জৰিয়তে ২৫ কোটি টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ৰাজ্যখনৰ তিৰুৱান্তপুৰমৰ শ্ৰীভাৰহামৰ সাধাৰণ অটোৰিক্সা চালক কে অনুপ (৩০)এ।

তেওঁ জানিবলৈ দিয়া মতে, লটাৰী কোম্পানীত কাম কৰা ভগ্নীৰ পৰা তেওঁ শনিবাৰে সন্ধিয়া ক্ৰয় কৰিছিল টিজে ৭৫০৬০৫ নম্বৰৰ টিকটটো।

তীব্ৰ আৰ্থিক সংকটৰ সৈতে যুঁজ দি অহা অনুপৰ হাতত আনকি নাছিল টিকট ক্ৰয় কৰাৰ পইচাও।

ভগ্নীয়ে টিকট কিনিবলৈ জোৰ দিয়াত অৱশেষত পুত্ৰৰ পিগি বেংকৰ পৰা ৫੦੦ টকা উলিয়াই তেওঁ সেই টিকটটো কিনিছিল।

লটাৰীত পুৰস্কাৰ লাভৰ আশা তেওঁ সপোনতো কৰা নাছিল। যাৰ বাবে পুৰস্কাৰ ঘোষণা হোৱাৰ পিছত তেওঁ প্ৰথমে বিশ্বাস কৰিব পৰা নাছিল।

পত্নীক দুবৰাকৈ পৰীক্ষা কৰিবলৈ দিয়াৰ পিছত আৰু তেওঁৰ কাষত সাংবাদিকে ভিৰ কৰিবলৈ আৰম্ভ কৰাৰ পিছত অৱশেষত তেওঁৰ বিশ্বাস হৈছিল।

অনুপে সংবাদ মাধ্যমৰ আগত কয় যে পিতৃ-ভগ্নীৰ মৃত্যুৰ পিছত তেওঁ আৰ্থিকভাৱে সংগ্ৰাম কৰি আছে। তেওঁৰ মতে, এই বিজয়ে তেওঁলোকৰ জীৱনৰ গতিপথ ভাল দিশলৈ সলনি কৰিছে।

ওনাম বাম্পাৰ লাকী ড্ৰ’ৰ প্ৰথম বিজয়ী অনুপৰ নাম ঘোষণা কৰে কেৰালাৰ বিত্তমন্ত্ৰী কে এন বালাগোপালে।

খবৰ অনুসৰি কৰ কৰ্তনৰ পিছত অনুপে ঘৰলৈ লৈ যাব পাৰিব প্ৰায় ১৫,৭৫ কোটি টকা।

দ্বিতীয় পুৰস্কাৰ আছিল ৫ কোটি টকা, আৰু তৃতীয় পুৰস্কাৰ আছিল ১০ গৰাকীকৈ বিজয়ীক ১ কোটি টকা।