
পুনৰ এনকাউণ্টাৰ! অসম আৰক্ষীৰ গুলীত নিহত বিহাৰৰ চুপাৰি কিলাৰ মোহন কুমাৰ…
December 12, 2022নিউজ ডেস্ক। পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ।
এইবাৰ আৰক্ষীৰ গুলীত নিহত বিহাৰৰ চুপাৰি কিলাৰ মোহন কুমাৰ।
উল্লেখ্য যে এদিন পূৰ্বে লামডিঙৰ অৱসৰপ্ৰাপ্ত ৰে’ল কৰ্মচাৰীক গুলীবিদ্ধ কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযােগত গ্ৰেপ্তাৰ হৈছিল মোহন কুমাৰ।
জানিব পৰা মতে, নিশা আৰক্ষীয়ে মোহনক লৈ গৈছিল লুুকুৱাই থোৱা অস্ত্ৰ দেখুৱাবলৈ।
কিন্তু হঠাতে এটা মাৰণাস্ত্ৰ উলিয়াই মোহনে আৰক্ষীক গুলীচালনা কৰিবলৈ উদ্যত হয়।
প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত গুৰতৰভাৱে আহত হয় মোহন।

পৰৱৰ্তী সময়ত মোহনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে মোহনক।
ইপিনে আৰক্ষীয়ে মোহনে লুকুৱাই থোৱা দুটা হস্তনিৰ্মিত বন্দুক আৰু এটা পইণ্ট থ্ৰী টু পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে অসমৰ পৰা নামনিমুৱা বিকানেৰ এক্সপ্ৰেছৰ পৰা বহিঃৰাজ্যলৈ পলায়ন কৰাৰ সময়তে বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মােহন কুমাৰক।