পুনৰ গাঁৱলৈ ওভতি নাহিল ফুলৰ মালা পিন্ধাই গাঁওবাসীয়ে বিদায় জনােৱা ২৬ জন বয়ােজ্যেষ্ঠ তীৰ্থযাত্ৰী…

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাৰ পিছতে শােকৰ বন্যা বৈছে মধ্য প্ৰদেশৰ পান্না জিলাত।

জিলাখনৰ ৯ খন গাঁৱৰ পৰা ২৮ জন তীৰ্থযাত্ৰীয়ে তীৰ্থভ্ৰমণৰ বাবে যাত্ৰা কৰিছিল হিন্দু ধৰ্মৰ পৱিত্ৰ তীৰ্থস্থান উত্তৰাখণ্ডৰ যমুনােত্ৰীলৈ। কিন্তু এই যাত্ৰাই শেষ যাত্ৰা হিচাপে পৰিগণিত হ’ল ২৬ জন গাঁওবাসীৰ বাবে।

উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দুৰ্ঘটনাত পতিত হয় এই তীৰ্থযাত্ৰীসকলক কঢ়িওৱা বাছখন। পাহাৰীয়া পথৰ পৰা দ খাৱৈত পৰি বিধ্বস্ত হৈ পৰে বাছখন। থিতাতে মৃত্যু ঘটে ২৬ জন তীৰ্থযাত্ৰীৰ।

উল্লেখ্য যে নিহতসকলৰ ভিতৰত আছে মধ্য প্ৰদেশৰ পান্না জিলাখনৰ চাতা বুধ সিং গাঁৱৰ ৮ জন, কােনি গাঁৱৰ ২ জন, চিখলাৰ ৩ জন, চিমৰিয়া গাঁৱৰ ২ জন, মােহন্দ্ৰা গাঁৱৰ ৪ জন আৰু কােঁৱৰপুৰ, পবই, কাৰহাটা, পান্নােদ গাঁৱৰ ২-২ জনকৈ তীৰ্থযাত্ৰী।

নিহতসকলৰ নাম হৈছেঃ ৰাজকুমাৰ (৩৮), ৰাজকােঁৱৰ (৫৮, মহিলা), মেনকা প্ৰসাদ (৫৬) সৰোজ (৫৪, মহিলা) বদ্ৰীপ্ৰসাদ (৬৩) কৰণ সিং (৬২) উদয় সিং (৬৩) হাক্কি ৰাজা (৬੦) চন্দ্ৰকলি (৬১, মহিলা) মতিলাল (৬২) বলদেৱ (৭৭, মহিলা) কুসুম বাই (৭৭, মহিলা) অনিল কুমাৰী (৫੦, মহিলা) কাৰচন বিহাৰী (৬৯), প্ৰভা (৬৩, মহিলা) শকুন্তলা (৬੦) শকুন্তলা (৬੦, মহিলা), পাৰ্বতী (৬২, মহিলা) কাঞ্চেৰিলাল (৬২) , ৰাজাভাই (৫৯) ধনীৰাম (৭২) কামাবাই (৫৭, মহিলা) বৃন্দাবন (৬১) কমলা (৫৯, মহিলা) ৰামসখি (৬৩) গীতাবাই (৫৫, মহিলা)।

নিহতসকলৰ আটাইকেইজনৰ বয়স ৫੦ ৰ পৰা ৭৭ বছৰ।

এই দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত যাত্ৰী কেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে সমাপ্ত হৈছে উদ্ধাৰ অভিযান।

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মৃতকৰ পৰিয়ালক ৫ লাখ টকা আৰু আহতসকলৰ নিকটাত্মীয়ক ৫০,০০০ টকা সাহায্যৰ পৰিমাণ ঘোষণা কৰে।

ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে নিহতৰ পৰিয়াললৈ ২-২ লাখ টকাৰ সাহায্য ঘােষণা কৰিছে।

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, ‘এইটো এটা দুৰ্ভাগ্যজনক আৰু বেদনাদায়ক ঘটনা। চাৰ ধাম যাত্ৰাত যোৱা পান্নাৰ ভাই-ভনীসকলৰ এটা বাছ এটা খাৱৈত পৰে য’ত বহুলোকৰ কৰুণ মৃত্যু হৈছিল। মই লগে লগে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীজীৰ সৈতে কথা পাতিছিলো আৰু সকলো বিষয়া তাত মানুহক স্থানান্তৰ কৰাত নিয়োজিত হৈ আছে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।’

Leave a Comment