পুনৰ ঘােচকাণ্ড! এইবাৰ শিক্ষকৰ পৰা ১২੦੦ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী প্ৰধান শিক্ষক

পুনৰ ঘােচকাণ্ড! এইবাৰ শিক্ষকৰ পৰা ১২੦੦ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী প্ৰধান শিক্ষক

August 23, 2022 Off By NEWS DESK

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ তীব্ৰ অভিযান।

এনে অভিযানত নিতৌ ঘােচ লৈ গ্ৰেপ্তাৰ হৈছে চৰকাৰী-বিষয়া কৰ্মচাৰী।

মংগলবাৰে পুনৰ ভিজিলেঞ্চৰ অভিযানত গ্ৰেপ্তাৰ হ’ল এগৰাকী দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী।

জানিব পৰা মতে, মৰিগাঁও জিলাত এগৰাকী শিক্ষকৰ পৰা ১২੦੦ টকাৰ উৎকােচ লৈ গ্ৰেপ্তাৰ হয় এগৰাকী প্ৰধান শিক্ষক।

এই প্ৰধান শিক্ষকগৰাকী হৈছে মৰিগাঁও জিলাৰ মইৰাবাৰীৰ হাতীমূৰীয়া মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দিদাৰুল ইছলাম।

জানিব পৰা মতে, লাহৰীঘাট শিখা খণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনৰ পৰা বদলি হােৱা এগৰাকী শিক্ষকৰ চাৰ্ভিচ বুক আৰু এলপিচিৰ কাম কৰি দিয়াৰ বিনিময়ত ১২੦੦ টকাৰ উৎকােচ লৈছিল প্ৰধান শিক্ষকগৰাকীয়ে।

তেনে সময়তে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়, অসমৰ অভিযানকাৰী দলে তেওঁ হাতে-লােটে গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি বিদ্যালয়খনতে প্ৰধান শিক্ষকগৰাকীক জেৰা চলাইছে ভিজিলেঞ্চৰ দলে।