পুনৰ ঘােচ কাণ্ড! এইবাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল এএছআই গােপাল দলে…

পুনৰ ঘােচ কাণ্ড! এইবাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল এএছআই গােপাল দলে…

September 10, 2022 Off By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত দুৰ্নীতিৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰকৰ তীব্ৰতৰ অভিযানৰ মাজতে পুনৰ উৎকােচ লৈ গ্ৰেপ্তাৰ হ’ল এজন।

এইবাৰ অভিযান চলিল আৰক্ষী চকীত।

দুৰ্নীতি নিবাৰকৰ অভিযানত গ্ৰেপ্তাৰ হ’ল ওদালগুৰি জিলাৰ দৰঙা মেলা আৰক্ষীৰ চকীত কৰ্মৰত সহকাৰী উপ-পৰিদৰ্শক গােপাল দলে।

জানিব পৰা মতে, এজন ট্ৰাকৰ গৰাকীৰ পৰা ভুক্তিভােগীৰ পৰা উৎকােচ লৈ থকা দুৰ্নীতি নিবাৰকৰ হাতত ধৰা পৰে এএছআই গােপাল দলে।

জানিব পৰা মতে, আৰক্ষী চকীখনৰ অন্তৰ্গত এলেকাত মালবাহী ট্ৰাকৰ চলাচলৰ সুবিধাৰ বিনিময়ত গৰাকীৰ পৰা উৎকােচ দাবী কৰিছিল এএছআই গােপাল দলেই।

ইয়াৰ পিছতে ট্ৰাকৰ গৰাকীয়ে এই সন্দৰ্ভত অভিযােগ দাখিল কৰে দুৰ্নীতি নিবাৰক শাখাত।

এই অভিযােগ লাভ কৰাৰ পিছতে শনিবাৰে এই ঘােচখােৰ বিষয়াগৰাকীক ঘােচ লৈ থকা অৱস্থাত জালত পেলায় ভিজিলেন্সৰ অভিযানকাৰী দলে।

সম্প্ৰতি আৰক্ষী চকীখনতে এএছআই গােপাল দলেক জেৰা চলাইছে ভিজিলেন্সৰ অভিযানকাৰী দলে।

এই অভিযানৰ কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে অসম আৰক্ষীৰ বিশেষ ডিজিপি জি পি সিঙে।