পুনৰ ঘােচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী, এইবাৰ অভিযান চলিল জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত

পুনৰ ঘােচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী, এইবাৰ অভিযান চলিল জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত

August 25, 2022 Off By NEWS DESK

নিউজ ডেস্ক। পুনৰ উৎকােচ লৈ ৰঙাঘৰৰ আলহী হ’ল চৰকাৰী কৰ্মচাৰী।

এইবাৰ অভিযান চলিল ধেমাজি জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত।

এখন ই-ৰিক্সা বিক্ৰী কৰা প্ৰতিষ্ঠানৰ ট্ৰেড লাইচেন্স নবীকৰণৰ নামত উৎকােচ দাবী কৰি গ্ৰেপ্তাৰ হ’ল জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক গোবিন বৰদলৈ।

উক্ত প্ৰতিষ্ঠানটােৰ প্ৰতিনিধিৰ পৰা উৎকােচ লৈ ভিজিলেঞ্চলৰ হাতত গ্ৰেপ্তাৰ হয় জিলা পৰিবহন কাৰ্যালয়ৰ বৰবাবু গােবিন্দ বৰদলৈ।

সম্প্ৰতি কৰ্মচাৰীজনক কাৰ্যালয়তে মাৰাথন জেৰা অব্যাহত ৰাখিছে ভিজিলেঞ্চৰ অভিযানকাৰী দলে।

অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে টুইট কৰি এই কথা সদৰি কৰিছে।