পুনৰ ঘােচ লৈ ভিজিলেঞ্চলৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী

পুনৰ ঘােচ লৈ ভিজিলেঞ্চলৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী

August 18, 2022 Off By NEWS DESK

নিউজ ডেস্ক। বুধবাৰে কামৰূপ জিলাৰ ৰাণীত এগৰাকী খণ্ড প্ৰাথমিক উন্নয়ন বিষয়াক শিক্ষয়িত্ৰীৰ পৰা উৎকােচ লৈ থকা অৱস্থাত হাতে-লােটে ধৰাৰ পিছত এইবাৰ ধুবুৰীত আন এজন শিক্ষা বিভাগৰ কৰ্মচাৰী জালত পৰিল ভিজিলেঞ্চৰ।

এইবাৰ যতীন্দ্ৰ নাথ ৰায় নামৰ এজন কৰ্মচাৰীক উৎকােচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাই।

জানিব পৰা মতে, যতীন্দ্ৰ নাথ ৰায় হাদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইউ ডি এ (উচ্চ বৰ্গৰ সহায়ক) হিচাপে কৰ্মৰত।

এজন শিক্ষকৰ চাৰ্ভিচ শ্বীট আৰু এলপিচি কামৰ বিনিময়ত ধন দাবী কৰি এনেদৰে ৰঙাঘৰৰ আলহী হ’ল এই কৰ্মচাৰীজন।