নিউজ ডেস্ক। পুনৰ প্ৰচণ্ড শীতে কঁপাব ৰাজ্য।
বিগত তিনি-চাৰি দিন ধৰি ৰাজ্যৰ অধিকাংশ ঠাইত দিনৰ ভাগৰ তাপমাত্ৰা কিছু বৃদ্ধি পােৱাৰ পাছত পুনৰ বায়ুমণ্ডলত সৃষ্টি হােৱা বিশেষ পৰিস্থিতিৰ বাবে তাপমাত্ৰা ক্ৰমান্বয়ে নিম্নগামী হােৱাৰ আগজাননী দিছে বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।
বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, দক্ষিণ অসম তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লগতে দক্ষিণ বাংলাদেশ পৰ্যন্ত এলেকাত সাগৰ পৃষ্ঠৰ পৰা ২.১ কিলােমিটাৰ উচ্চতালৈ ঘূৰ্ণায়মান বায়ুৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে।
এনে বায়ুমণ্ডলীয় পৰিস্থিতিৰ বাবে গুৱাহাটীৰ লগতে নামনি অসমৰ প্ৰায় সকলো জিলাতেই বাঢ়িব পাৰে শীতৰ প্ৰকোপ। বৃদ্ধি পাব ঘন কুঁৱলীৰ আচ্ছাদন।
মধ্য অসমতো হ্ৰাস পাব তাপমাত্ৰা। বতৰ বিজ্ঞান কেন্দ্ৰই অহা মংগলবাৰলৈ প্ৰকাশ কৰা বতৰৰ আগজাননীৰ সবিশেষ চাওকঃ
আনহাতে, সোমবাৰৰ পৰা অসমৰ লগতে প্ৰতিৱেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত কম পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জানিব পৰা গৈছে।
লগতে চাওকঃ