পুনৰ বৃদ্ধি পাব শীতৰ প্ৰকােপ! বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ

নিউজ ডেস্ক। পুনৰ প্ৰচণ্ড শীতে কঁপাব ৰাজ্য।

বিগত তিনি-চাৰি দিন ধৰি ৰাজ্যৰ অধিকাংশ ঠাইত দিনৰ ভাগৰ তাপমাত্ৰা কিছু বৃদ্ধি পােৱাৰ পাছত পুনৰ বায়ুমণ্ডলত সৃষ্টি হােৱা বিশেষ পৰিস্থিতিৰ বাবে তাপমাত্ৰা ক্ৰমান্বয়ে নিম্নগামী হােৱাৰ আগজাননী দিছে বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

গুৱাহাটী মহানগৰত ডাঠ কুঁৱলীৰ আচ্ছাদন

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, দক্ষিণ অসম তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লগতে দক্ষিণ বাংলাদেশ পৰ্যন্ত এলেকাত সাগৰ পৃষ্ঠৰ পৰা ২.১ কিলােমিটাৰ উচ্চতালৈ ঘূৰ্ণায়মান বায়ুৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে।

এনে বায়ুমণ্ডলীয় পৰিস্থিতিৰ বাবে গুৱাহাটীৰ লগতে নামনি অসমৰ প্ৰায় সকলো জিলাতেই বাঢ়িব পাৰে শীতৰ প্ৰকোপ। বৃদ্ধি পাব ঘন কুঁৱলীৰ আচ্ছাদন।

মধ্য অসমতো হ্ৰাস পাব তাপমাত্ৰা। বতৰ বিজ্ঞান কেন্দ্ৰই অহা মংগলবাৰলৈ প্ৰকাশ কৰা বতৰৰ আগজাননীৰ সবিশেষ চাওকঃ

আনহাতে, সোমবাৰৰ পৰা অসমৰ লগতে প্ৰতিৱেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত কম পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জানিব পৰা গৈছে।

লগতে চাওকঃ

৬০ বছৰ ধৰি গুহাৰ ভিতৰত থকা সাধুৱে ৰাম মন্দিৰলৈ দান কৰিলে ১ কোটি টকা!

সৰুক্ষেত্ৰী সমষ্টিৰ পৰা অগপ দলৰ প্ৰাৰ্থী হ’ব কল্পনা পাটােৱাৰী!

অসমত নহয় বাংলাদেশতহে এশ খন আসন পাব কংগ্ৰেছেঃ হিমন্ত বিশ্ব শৰ্মা

২০ লাখ টকাৰ সোণৰ গহনা ভৰ্ত্তি বেগ গৰাকীক পুনৰ ঘূৰাই দিলে অট’ৰিক্সা চালকে, পুৰস্কৃত কৰিলে আৰক্ষীয়ে

Leave a Comment