
পুনৰ মূল্যবৃদ্ধি! ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’লগৈ ১੦৪৮ টকা…
May 7, 2022নিউজ ডেস্ক। পুনৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত ৫০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰত ১০২ টকাকৈ বৃদ্ধি।
পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। শনিবাৰৰ দিনটোত প্ৰতিটো চিলিণ্ডাৰৰ ৫০ টকাকৈ দাম বৃদ্ধি হয়।
ফলত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম হ’লগৈ ১,০৪৮ টকা।

আনহাতে যোৱা ১ মে’ত বৃদ্ধি হয় বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হয় ১০২ টকাকৈ। ফলত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত হ’লগৈ ২,২৫৩ টকা।
উল্লেখযোগ্য যে বিগত এবছৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হয় প্ৰায় ২০০ টকা।
দেশখনৰ বিভিন্ন ৰাজ্যত চিলিণ্ডাৰৰ দামৰ কিছু তাৰতম্য দেখা যায়।
অসমত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ১০৪৮ হোৱাৰ বিপৰীতে দিল্লী আৰু মুম্বাই ত ৯৯৯.৫০ টকা, কলিকতাৰ ১০২৬ টকা, চেন্নাইত ১০১৫.৫০ টকা।