নিউজ ডেস্ক। মাৰাত্মক ৰূপ ধাৰণ কৰা ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত আপােনজনক হেৰুৱাই কান্দােনত ভাগি পৰিছে শ শ লােক।
ৰাজ্যত একেৰাহে দুটা দিনত ৫ শতাংশৰ তললৈ অৱস্থান কৰিছে ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰে। কিন্তু চিকিৎসকৰ বাবে এতিয়াও ক’ভিড-১৯ ৰােগীৰ দৈনিক মৃত্যুৰ পৰিসংখ্যা চিন্তাৰ কাৰণ হিচাপে বিবেচিত হৈছে।
বৃহস্পতিবাৰে প্ৰকাশ পােৱা তথ্য অনুসৰি, ৰাজ্যত সংক্ৰমণৰ হাৰ ৪.৭৮ শতাংশলৈ অৱনমিত হৈছে। দিনটােত সৰ্বমুঠ ১,১৯,৪৪১ জনৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।
ইয়াৰ মাজত ৫,৭੦৪ জনক ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হয়।
Summary of 27/5/2021
— Keshab Mahanta (@keshab_mahanta) May 27, 2021
Today’s Total 5704
Overall Positivity Percentage
(5704 cases out of 1,19,441 test done = 4.78%)
Kamrup(M) 569
Death 83
Recovery Rate 85.19%
ৰাজ্যৰ ভিতৰত গুৱাহাটী মেট্ৰ’ জিলাত সৰ্বাধিক ৫৬৯ জন ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হয়।
মৃতকৰ ভিতৰত সৰ্বাধিক ৰােগী কামৰূপ মেট্ৰ’ জিলাৰ।