পুনৰ ৮৩ জনক আপােনজনৰ কাষৰ পৰা চিৰদিনলৈ কাঢ়ি নিলে নিষ্ঠুৰ ক’ভিডে

পুনৰ ৮৩ জনক আপােনজনৰ কাষৰ পৰা চিৰদিনলৈ কাঢ়ি নিলে নিষ্ঠুৰ ক’ভিডে

May 27, 2021 0 By NEWS DESK

নিউজ ডেস্ক। মাৰাত্মক ৰূপ ধাৰণ কৰা ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত আপােনজনক হেৰুৱাই কান্দােনত ভাগি পৰিছে শ শ লােক।

ৰাজ্যত একেৰাহে দুটা দিনত ৫ শতাংশৰ তললৈ অৱস্থান কৰিছে ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰে। কিন্তু চিকিৎসকৰ বাবে এতিয়াও ক’ভিড-১৯ ৰােগীৰ দৈনিক মৃত্যুৰ পৰিসংখ্যা চিন্তাৰ কাৰণ হিচাপে বিবেচিত হৈছে।

বৃহস্পতিবাৰে প্ৰকাশ পােৱা তথ্য অনুসৰি, ৰাজ্যত সংক্ৰমণৰ হাৰ ৪.৭৮ শতাংশলৈ অৱনমিত হৈছে। দিনটােত সৰ্বমুঠ ১,১৯,৪৪১ জনৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

ইয়াৰ মাজত ৫,৭੦৪ জনক ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

ৰাজ্যৰ ভিতৰত গুৱাহাটী মেট্ৰ’ জিলাত সৰ্বাধিক ৫৬৯ জন ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

মৃতকৰ ভিতৰত সৰ্বাধিক ৰােগী কামৰূপ মেট্ৰ’ জিলাৰ।