পুনৰ ৰাষ্ট্ৰীয় মঞ্চত উজ্বলিল অসম সন্তান! জনপ্ৰিয় ডান্সিং ৰিয়েলিটী শ্ব’ ‘ঝলক দিখলা জা’ৰ বিজয়ী মুকুট গুৱাহাটীৰ গুঞ্জনৰ শিৰত…

পুনৰ ৰাষ্ট্ৰীয় মঞ্চত উজ্বলিল অসম সন্তান! জনপ্ৰিয় ডান্সিং ৰিয়েলিটী শ্ব’ ‘ঝলক দিখলা জা’ৰ বিজয়ী মুকুট গুৱাহাটীৰ গুঞ্জনৰ শিৰত…

November 28, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ পুনৰ ৰাষ্ট্ৰীয় মঞ্চত উজ্বলিল আন এগৰাকী অসম সন্তান।

এইবাৰ টিভিৰ অন্যতম জনপ্ৰিয় ডান্সিং ৰিয়েলিটী শ্ব’ ‘ঝলক দিখলা জা’ৰ ছিজন ১০ৰ বিজয়ীৰ খিতাপ লাভ কৰিলে গুৱাহাটীৰ গুঞ্জন সিনহাই।

৮ বছৰীয়া গুঞ্জনে তেওঁৰ সংগী তেজছ বাৰ্মাৰ সৈতে এই ৰিয়েলিটী শ্ব’ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম মহয়।

বিজয়ীৰ পুৰস্কাৰ হিচাপে গুঞ্জনে লাভ কৰে ট্ৰফী আৰু ২০ লাখ টকাৰ এখন চেক।

উল্লেখ্য যে, ‘কালাৰ্ছ’ যোগে সম্প্ৰচাৰিত হোৱা এই ডান্সিং ৰিয়েলিটী শ্ব’টোৰ বিচাৰকৰ আসনত আছিল বলিউডৰ মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিত, ছবি নিৰ্মাতা কৰণ জোহৰ আৰু নৃত্যশিল্পী নোৰা ফতেহী।

কমেডিয়ান মনীষ পলে আঁত ধৰা ৰিয়েলিটী শ্ব’টোৰ ফিনালেৰ অতিথি আছিল অভিনেতা বৰুণ ধাৱান আৰু কৃতি ছানন।

ৰিয়েলিটী শ্ব’ৰ ফিনালেত প্ৰৱেশ কৰা শীৰ্ষ ৫ গৰাকী প্ৰতিযোগী আছিল- ৰুবিনা দিলাইক, ফৈজল শ্বেখ, নিশান্ত ভাট, গুঞ্জন সিনহা আৰু শ্ৰীতি ঝা।

প্ৰতিযোগিতাৰ পৰা শ্ৰীতি আৰু নিশান্ত বাহিৰ হোৱাৰ পিছত আন দুগৰাকী প্ৰতিযোগীক চেৰ পলাই অৱশেষত বিজয়ীৰ মুকুট পিন্ধে গুঞ্জনে।

‘ডান্স দীৱানে জুনিয়ৰছ’কে ধৰি আন আন ডান্স ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰা গুঞ্জনে বিজয়ৰ আনন্দ ব্যক্ত কৰি কয়, ‘এই শ্ব’ৰ পৰা মই বহুখিনি শিকিব পাৰিছো। বহু মধুৰ স্মৃতি মই লাভ কৰিছো।’

৫ বছৰ বয়সৰ পৰাই নৃত্যৰ শিক্ষা গ্ৰহণ কৰা গুঞ্জনৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে কণমানিটিৰ পিতৃ-মাতৃও।

আনহাতে ৰাষ্ট্ৰীয় মঞ্চত পুনৰ এবাৰ উজ্বলি উঠা গুঞ্জনৰ সাফল্যত আনন্দিত হৈ পৰিছে সমগ্ৰ অসমবাসী।