
পুৰােহিত ভাৰতত, আমেৰিকাত থকা দৰা-কইনাৰ অনলাইনত সম্পন্ন হ’ল বিয়া!
August 26, 2021নিউজ ডেস্ক। বৰ্তমান সময়ত অনলাইন তথা ভাৰ্চুৱেল পদ্ধতিৰে নহয় কি? শিক্ষা, কৰ্মচাৰীৰ কাম, বিভিন্ন সভা আদি সকলো কাৰ্যই সম্পন্ন হয় ভাৰ্চুৱেল পদ্ধতিৰে। যিটোৰ দ্বাৰা খৰচ কম হোৱাৰ লগতে ঘৰ অথবা যিকোনো ঠাইৰ পৰা সকলোৱে অংশ লব পাৰে।
কিন্তু এইবাৰ এটা আগতে কতো নুশুনা খবৰ শুনিবলৈ পোৱা গৈছে। সেইয়া হ’ল এইবাৰ ভাৰ্চুৱেল পদ্ধতিৰে সম্পন্ন হল বিবাহ। অৰ্থাৎ এক ভাৰতীয় দম্পতীৰ বিবাহ সম্পন্ন হল আমেৰিকাৰ কেলিফৰ্নিয়াত, আৰু তেওঁলোকক জুম এপৰ জৰিয়তে ভাৰতৰ পৰা মন্ত্ৰ পাঠ কৰালে পুৰোহিতে। আৰু আশীৰ্বাদ প্ৰদান কৰিলে বংশ পৰিয়ালে। এই দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
জানিব পৰা মতে, মধ্য প্ৰদেশৰ খৰগুণৰ এক যুৱক-যুৱতী থাকে আমেৰিকাত। তেওঁলোকৰ পূৰ্বতে কেইবাবাৰো বিবাহৰ দিন ঠিক হৈছিল। কিন্তু কোৰোনা মহামাৰীৰ বাবে তেওঁলোকৰ বিবাহ প্ৰতিবাৰেই পিছুৱাই যায়। এইবাৰ আকৌ আয়োজন কৰাত পুনৰ কোৰোনাৰ প্ৰভাৱ পৰিল।
সেয়েহে এইবাৰ তেওঁলোকে বিবাহৰ উদ্দেশ্যে ভাৰতলৈ আহিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে। তাৰ পৰিৱৰ্তে আমেৰিকাতে থাকি বিবাহ সম্পন্ন কৰাৰ চিন্তা কৰিলে। আৰু সকলো পৰম্পৰাগত তথা বৈবাহিক নীতি-নিয়ম অনলাইন পদ্ধতিৰে কৰাৰ সিদ্ধান্ত ললে। সেই অনুসৰি দুয়োৰে সম্পন্ন হয় বিবাহ।
এক দৃশ্যত দেখা অনুসৰি, কেলিফৰ্নিয়াত এটা কোঠাৰ ভিতৰত দৰা-কইনাই ৰীতিগত সকলো সামগ্ৰী যোগাৰ কৰি বহি আছে। তেওঁলোকৰ সমুখত আছে মোবাইল ফোন। আনফালে জুম এপৰ সহায়ত ভাৰতৰ পৰা পুৰোহিতে দুয়োকে পাঠ কৰাইছে মন্ত্ৰ।
পুৰোহিতে কোৱাৰ ধৰণে হোমৰ আগত ঘূৰাৰ পৰা সকলো কাৰ্যই কৰি গৈছে তেওঁলোকে। আৰু পুৰোহিতৰ পিছফালে বহি আছে দৰা-কইনাৰ আত্মীয়। তেওঁলোকে দৰা-কইনাক প্ৰদান কৰিছে আশীৰ্বাদ। আৰু তেনেদৰেই সম্পন্ন হয় তেওঁলোকৰ বিবাহ।
উল্লেখ্য যে দৰাক প্ৰীয়াঞ্চ আৰু কইনাক সাক্ষী বুলি জানিব পৰা যায়। আৰু এই বিবাহখন যোৱা দেওবাৰে ৰাখী বন্ধনৰ দিনা সম্পন্ন হয়।