পুৱতি নিশা আৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ! গুলীবিদ্ধ হৈ মৃত্যু আলফা স্বাধীনৰ IED বিশেষজ্ঞ উদয় অসম…

পুৱতি নিশা আৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ! গুলীবিদ্ধ হৈ মৃত্যু আলফা স্বাধীনৰ IED বিশেষজ্ঞ উদয় অসম…

February 9, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বৃস্পতিবাৰে পুৱতি নিশা সংঘটিত আলফা স্বাধীন আৰু আৰক্ষীৰ মাজৰ ভয়ংকৰ সংঘৰ্ষত নিহত হয় আলফাৰ এজন দুৰ্ধৰ্ষ কেডাৰ।

মাৰ্ঘেৰিটাৰ টিকক মুলুং পাহাৰত সংঘটিত হয় এই সংঘৰ্ষ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আলফাৰ এটা ছয়জনীয়া টিকক মুলুং পাহাৰত আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভ কৰাৰ পিছতে অঞ্চলটোত অভিযান চলায় আৰক্ষীয়ে।

কিন্তু আৰক্ষীক দেখি গুলীবৰ্ষণ আৰম্ভ কৰে আলফাৰ কেডাৰে। প্ৰত্যুত্তৰ দিয়ে আৰক্ষীয়ে।

আলফা-আৰক্ষীৰ সংঘৰ্ষত নিহত হয় এজন কেডাৰ।

নিহত কেডাৰজনক আলফাৰ IED বিশেষজ্ঞ, চাৰ্জেণ্ট মেজৰ উদয় অসম ওৰফে উদয় লাহন ওৰফে উদ্ধৱ বুলি চিনাক্ত কৰা হৈছে।