পূজাৰ পূৰ্বে বিউটি পাৰ্লাৰলৈ বুলি ঘৰৰ পৰা ওলাই আহি ক’লৈ গ’ল জুৰি কলিতা! সন্ধান বিচাৰি হাহাকাৰ স্বামী আৰু পৰিয়ালৰ

পূজাৰ পূৰ্বে বিউটি পাৰ্লাৰলৈ বুলি ঘৰৰ পৰা ওলাই আহি ক’লৈ গ’ল জুৰি কলিতা! সন্ধান বিচাৰি হাহাকাৰ স্বামী আৰু পৰিয়ালৰ

October 5, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ পূজাৰ প্ৰাকক্ষণত বিউটি পাৰ্লাৰলৈ আহি এগৰাকী বোৱাৰী বিগত ৬ দিন ধৰি সন্ধানহীন হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কামৰূপ জিলাৰ পলাশবাৰীত।

জানিব পৰা মতে, দুৰ্গোৎসৱৰ ঠিক পূৰ্বে অৰ্থাৎ ২৯ ছেপ্টেম্বৰত পূজাৰ বজাৰ কৰাৰ লগতে বিউটি পাৰ্লাৰলৈ বুলি ঘৰৰ পৰা বিজয়নগৰলৈ ওলাই আহিছিল পলাশবাৰীৰ সানপাৰা গাঁৱৰ চন্দন কলিতাৰ পত্নী জুৰি কলিতা (২৪)ই।

কিন্তু মহিলাগৰাকী ঘৰলৈ পুনৰ উভতি নোযোৱাত হাহাকাৰ লাগে স্বামী আৰু পৰিয়ালৰ।

আত্মীয়-স্বজন, বন্ধু-বান্ধৱী সকলোতে জুৰি কলিতাক বিচাৰিও সন্ধান লাভ নকৰাত অৱশেষত পলাশবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে পৰিয়ালে।

আৰক্ষীয়েও মহিলাগৰাকীৰ সন্ধান বিচাৰি অভিযান চলাইছে যদিও এতিয়াও কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

বিউটি পাৰ্লাৰলৈ আহি এনেদৰে এগৰাকী বোৱাৰী সন্ধানহীন হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ পলাশবাৰীত।