পূৰ্ণ হ’ল কন্যা সন্তানৰ বাঞ্ছা, হেলিকপ্টাৰত উঠাই ঘৰলৈ আদৰিলে আনন্দত আত্মহাৰা পিতৃ-মাতৃয়ে…

নিউজ ডেস্ক। এটা সময় আছিল যেতিয়া বহু পৰিয়ালে ছোৱালী সন্তানক ঘৰৰ বোজা বুলি গণ্য কৰিছিল।

ছোৱালী জন্মৰ সময়ত সুখী হোৱাৰ সলনি দুখী হে হৈছিল বহু পৰিয়াল। কিন্তু এতিয়া সময় সলনি হৈছে। এতিয়া কন্যা সন্তানক পুত্ৰ সন্তানৰ সমানেই আদৰ কৰা হয় সৰ্বত্ৰে।

মহাৰাষ্ট্ৰৰ পুনেত পোহৰলৈ অহা এক খবৰে যেন এই কথাকেই পুনৰ বাৰ প্ৰতীয়মান কৰিছে।

পুনেৰ এজন লোকৰ কন‍্যাসন্তান জন্ম হোৱাত পৰিয়ালটো ইমানেই সুখী আছিল যে সন্তানটিক আদৰণি জনোৱাৰ বাবে তেওঁলোকে বিশাল প্ৰস্তুতি কৰিছিল আৰু হেলিকপ্টাৰেৰে ঘৰলৈ আদৰি আনিছিল।

পুনেৰ চেলগাঁৱৰ এটা পৰিয়ালে তেওঁলোকৰ কন‍্যাসন্তান জন্মত সুখী হৈ হেলিকপ্টাৰেৰে গাঁৱলৈ লৈ আহিছিল।

নৱজাতক ছোৱালীজনীৰ পিতৃ বিশাল জাৰেকাৰে কয যে তেঁওলোকৰ গোটেই পৰিয়ালটোতে কোনো ছোৱালী নাছিল। সেয়েহে জীয়েকৰ জন্মৰ পিছত, তাইৰ স্বাগতম বিশেষ কৰি তুলিবলৈকে এখন হেলিকপ্টাৰৰ ব্যৱস্থা কৰি তাইক ঘৰলৈ লৈ অহা হৈছিল।

পৰিয়ালটোৱে এই হেলিকপ্টাৰ যাত্ৰাৰ বাবে প্ৰায় ১ লাখ টকা খৰচ কৰিছিল।

অৱশ্যে, এটা পৰিয়ালে এনেদৰে কন্যা সন্তানৰ জন্ম উদযাপন কৰাৰ ঘটনা এইটোৱে প্ৰথম নহয়।

ইয়াৰ পূৰ্বে, ৰাজস্থানৰ নাগাউৰৰ এটা পৰিয়ালেও কন্যাসন্তান জন্মৰ আনন্দত একে ধৰণেৰে উদযাপন কৰিছিল। যেতিয়া কৃষকৰ পৰিয়ালটোৱে প্ৰায় ৩৫ বছৰৰ পিছত এজনী ছোৱালীৰ মুখ দেখিছিল, আনন্দত আত্মহাৰা পৰিয়ালটোৱে ছোৱালীজনীক নানিহালৰ পৰা হেলিকপ্টাৰত ঘৰলৈ লৈ গৈছিল।

একে সময়তে, উত্তৰ প্ৰদেশৰ হাপুৰ জিলাতো জীয়েকৰ বিয়াখন স্মৰণীয় কৰি তুলিবলৈ এজন কৃষকে তেওঁৰ সপোন বাস্তৱায়িত কৰি জীয়েকক হেলিকপ্টাৰেৰে শহুৰেকৰ ঘৰলৈ পঠিয়াইছিল।

লগতে চাওকঃ

একেলগে জ্বলি উঠিল ৩ বন্ধুৰ চিতা! এমাহ পূৰ্বে বিয়াত বহা অংকনা এতিয়া হৈ পৰিছে দিকহাৰা

Leave a Comment