পেট্ৰল পাম্পত প্ৰৱেশ ঘৰিয়ালৰ! সামাজিক মাধ্যমত দৃশ্য ভাইৰেল

নিউজ ডেস্ক। উত্তৰ প্ৰদেশৰ ললিতপুৰ জিলাত একেৰাহে চাৰি দিন বৰষুণ হোৱাৰ ফলতে প্ৰবল বানপানীৰ সৃষ্টি হৈছে। যাৰ ফলত নদীৰ জীৱ-জন্তু সমূহৰ প্ৰৱেশ ঘটিছে জনাঞ্চলত।

বৰষুণৰ মাজতে এটা অদ্ভুত দৃশ্যও দেখা পোৱা গ’ল। য’ত ললিতপুৰৰ লগাউনৰ পথৰ কাষৰ এটা পেট্ৰল পাম্পত উপস্থিত হল এটা ঘৰিয়াল। যিটোৱে এক কৌতূহলী পৰিৱেশৰ সৃষ্টি কৰে।

বিভিন্নজনে ঘৰিয়ালৰ ফটাে উঠাবলৈ হেতা ওপৰা লগায়।

এই সন্দৰ্ভত তথ্য পোৱাৰ পিছতেই বন বিভাগৰ এটা দল উপস্থিত হয় পেট্ৰল পাম্পটোত। আৰু দলটোৱে ঘৰিয়ালটোক ধৰি খাইদাৰ নদীত এৰি দিয়ে।

জানিব পৰা মতে বুধবাৰে আবেলি ললিতপুৰৰ জাখৌৰা বনাঞ্চলৰ অন্তৰ্গত জাখোৰা ৰাজঘাট পথৰ লগাউন গাঁৱত হঠাতে এটা সাত ফুট দীঘল ঘৰিয়াল এটা পেট্ৰল পাম্পত উপস্থিত হয়।

ডিজেল, পেট্ৰল সংগ্ৰহ কৰিবলৈ পেট্ৰল পাম্পলৈ অহা লোকসকলে ঘৰিয়ালটো দেখি হতবাক হৈ পৰে।

ঘৰিয়ালটো দেখি পেট্ৰল পাম্পৰ কৰ্মচাৰীসকলেও যথেষ্ট ভয় খাইছিল।

সেই স্থানত উপস্থিত লোকে এই কথা বন বিভাগৰ লোকসকলক জনাইছিল। যাৰ পিছত বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হয়।

বনকৰ্মী সকলে ঘৰিয়ালটোক যথেষ্ট কষ্টেৰে ধৰে আৰু ৰচীৰে দুডাল মাৰিত বান্ধি জাখোৰাৰ ওচৰৰ খাইদাৰ নদীত এৰি দিয়ে।

জাখোৰাৰ বনাঞ্চলিক বিষয়া ৰবীন্দ্ৰ কুমাৰ শুক্লাই কয় যে, “বৰষুণৰ বতৰত বেটৱা নদীৰ পৰা ঘৰিয়ালবোৰ নলাৰ মাজেৰে গাঁৱলৈ আহে। নদীত পানী উফন্দি পৰাত এনে হৈছে। আমি তেনেদৰে অহা ঘৰিয়ালবোৰ সুৰক্ষিতভাৱে নদীত এৰি দিছো।”

Leave a Comment