পেট্ৰ’ল পাম্পৰ সন্মুখত দুহাতত বেট্ আৰু হেলমেট্ লৈ প্ৰতিবাদ যুৱকৰ!

নিউজ ডেস্ক। এক অভিনৱ প্ৰতিবাদ। দেশজুৰি পুনৰ বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য। প্ৰথম বাৰৰ বাবে দেশত পেট্ৰ’লৰ মূল্যই কোবাইছে চেঞ্চুৰি।

দেশৰ কেইবাখনো চহৰত পেট্ৰ’লৰ দামে ইতিমধ্যে চুইছেগৈ শতকৰ ঘৰ। সেই অনুসৰি মধ্য প্ৰদেশৰ কেইবাখনো চহৰত পেট্ৰ’লৰ মূল্য হৈছে ১০০ টকা।

ভূপাল চহৰো ইয়াৰ ব্যতিক্ৰম নহল। মহামাৰীৰ পৰৱৰ্তী কালত পেট্ৰ’লৰ এই স্বাভাৱিক মূল্যবৃদ্ধিক লৈ সন্তুষ্ট নহয় জনতা। সেয়েহে এই মূল্যবৃদ্ধিৰ অভিনৱ প্ৰতিবাদ কৰিলে ভূপালৰ এজন যুৱকে।

যুৱক জনে হাতত ক্ৰিকেটৰ বেট আৰু হেলমেট লৈ কৰিলে প্ৰতিবাদ। দুই হাত দাঙি কৰিলে প্ৰতিবাদ। ঠিক যেনেদৰে ক্ৰিকেটত বেটচমেনে এশ নম্বৰ সংগ্ৰহ কৰিলে প্ৰদৰ্শন কৰা অনুৰূপ দৃশ্য।

পেট্ৰ’লৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে যুৱকজনে কৰা এই প্ৰতিবাদৰ দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

যুৱকজনে সামাজিক মাধ্যমত এই দৃশ্য শ্বেয়াৰ কৰি কেপচন দিয়ে, ‘বহু কষ্ট আৰু সংঘাতৰ পৰিণতিৰ শেষত এইয়া!! পেট্ৰ’লৰ শতক!! # পেট্ৰ’লৰ দাম।’

এই দৃশ্য এতিয়া বহুতে আকৰ্ষণীয় মন্তব্যৰে ভাইৰেল কৰি পেলাইছে সৰ্বত্ৰে।
উল্লেখ্য যে বৰ্তমানলৈকে পেট্ৰ’লৰ ১৯ বাৰ মূল্য বৃদ্ধি হৈছে।

লগতে চাওকঃ

কৃতজ্ঞতা! পিতৃৰ অটোৰিক্সাত উঠি সম্বৰ্ধনা অনুষ্ঠানত অংশ ল’লে সুন্দৰী মান্যাই

দুঃসাহসী শিৱৰাণীৰ বাবে প্ৰাণ ৰক্ষা পৰিল কেবাজনাে বাছ যাত্ৰীৰ! নিহতৰ সংখ্যা ৫੦ অতিক্ৰম

জনপ্ৰিয়তা বাঢ়িব, তথাপিও মুখ্যমন্ত্ৰীৰ আসনত বহিব নােৱাৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা!

গাখীৰ বিক্ৰীৰ বাবে এজন ‘খেতিয়কে’ ক্ৰয় কৰিলে ৩੦ কােটিৰ হেলিকপ্টাৰ!

Leave a Comment