পেলনীয়া সামগ্ৰীৰে সাজি উলিয়ালে চাৰিচকীয়া বাহন, বিনিময়ত বলেৰ’ বাহন আগবঢ়ালে আনন্দ মহিন্দ্ৰাৰ

পেলনীয়া সামগ্ৰীৰে সাজি উলিয়ালে চাৰিচকীয়া বাহন, বিনিময়ত বলেৰ’ বাহন আগবঢ়ালে আনন্দ মহিন্দ্ৰাৰ

December 23, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ভগা চিঙা ধাতুৰে মহাৰাষ্ট্ৰৰ এজন ব্যক্তিয়ে নিৰ্মান কৰি উলিয়াইছে এখন চাৰিচকীয়া বাহন।

ব্যক্তিজনৰ এই কৰ্মৰ এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই।

গাড়ী নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা দত্তাত্ৰয়া লোহাৰ নামৰ ব্যক্তিজনে পেলনীয়া লোহা আৰু অন্য সামগ্ৰীৰে মহিন্দ্ৰা কোম্পানীৰ বলেৰ’ সদৃশ বাহনখন নিৰ্মান কৰি উলিয়ায়।

এটা ইউটিউব চেনেলত দিয়া সাক্ষাৎকাৰত তেওঁ এই বাহনখন নিজৰ পুত্ৰৰ বাবে নিৰ্মান কৰা বুলি জানিবলৈ দিয়ে।

ভিডিঅ’টো শ্বেয়াৰ কৰি মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই দত্তাত্ৰয়া লোহাৰৰ সৃষ্টিশীলতাৰ প্ৰশংসা কৰে। কম সামৰ্থৰ ভিতৰত এনে সৃষ্টি শলাগিবলগীয়া বুলিও মন্তব্য কৰে আনন্দ মহিন্দ্ৰাই।

আনহাতে দত্তাত্ৰয়া লোহাৰক ব্যক্তিগতভাৱে এখন বলেৰ’ উপহাৰ দিয়া হব বুলিও ঘোষণা কৰে আনন্দ মহিন্দ্ৰাই।

তেওঁ লগতে মহিন্দ্ৰা ৰিচাৰ্ছ ভেলীত তেওঁৰ এই সৃষ্টি প্ৰদৰ্শিত কৰাৰ ব্যৱস্থা লব বুলিও সদৰী কৰে।