পোহনীয়া গৰুৰ দেহত সংস্থাপন কৰা হ’ব মাইক্ৰ’ চিপ! ৰাজপথত ধৰা পৰিলে জৰিমনা ২৫,০০০ টকা

নিউজ ডেস্ক। সাধাৰণতে নগৰ অঞ্চলত পোহনীয়া গৰু সমূহ গৰাকীয়ে এৰাল নিদি এৰি দিয়া দেখা যায়। যাৰ ফলত গৰুৰ গোবৰে নগৰ বা চহৰৰ পথ সমূহ লেতেৰা কৰাৰ লগতে দুৰ্ঘটনা হোৱাও দেখা যায়।

কিন্তু এতিয়াৰ পৰা সাৱধান! যদি গৰুৱে ৰাজপথ লেতেৰা কৰে বা দুৰ্ঘটনা কৰে, তেন্তে গৰাকীয়ে ভৰিব লাগিব ২৫,০০০ টকা জৰিমনা। সেয়েহে প্ৰতিটো গৰুৰ দেহত সংস্থাপন কৰা হব মাইক্ৰ’চিপ য’ত থাকিব গৰুৰ গৰাকীৰ নাম, ঠিকনা সহ যোগাযোগ নম্বৰ।

এই কথা ঘোষণা কৰিছে দিল্লীৰ পৌৰ নিগম কৰ্তৃপক্ষই। এৰি দিয়া গৰুৰ মালিকক নাকী লগোৱাৰ উদ্দেশ্যেই এই কথা পৰিকল্পনা কৰিছে উত্তৰ দিল্লীৰ পৌৰ সভাই।

উত্তৰ দিল্লী পৌৰ সভাৰ ষ্টেণ্ডিং কমিটিয়ে অনুমোদন জনাইছে এই পৰিকল্পনাত। বৃহস্পতিবাৰে পৌৰ সভাৰ সদনত পুনৰ এই বিষয়ৰ সন্দৰ্ভত আলোচনা কৰিব সদস্য সকলে।

উত্তৰ দিল্লী পৌৰ সভা সদনৰ নেতা যোগেশ বাৰ্মাই কয় যে, পৰিত্যক্ত প্ৰতিটো গৰুৰ বাবে গৰাকীক বিহা হব ২৫,০০০ টকা জৰিমনা। প্ৰতিটো গৰুৰ দেহত চিপ সংস্থাপন কৰা হ’ব, যত এটা ক’ড থাকিব। সেই ক’ডত গৰাকীৰ সকলো তথ্য থাকিব। যাতে গৰাকীক সহজতে ধৰিব পৰা যায় আৰু দণ্ড বিহিব পৰা যায়।

তেওঁ লগতে কয় যে, যদি কোনো গৰুৰ বাবে দুৰ্ঘটনা সংঘটিত হয়। তেন্তে দুৰ্ঘটনাত পতিত ব্যক্তিয়ে গৰুৰ গৰাকীৰ বিৰুদ্ধে আদালতত গোচৰ দিব পাৰিব। আৰু যদিহে গৰাকীয়ে সহযোগ নকৰে, তেতিয়া পৌৰ সভা কৰ্তৃপক্ষই গৰাকীৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা ল’ব।

উত্তৰ দিল্লী পৌৰ নিগমৰ ১০৪ টা ৱাৰ্ডত বৰ্তমান কাৰ্যক্ষম হ’ব এই নতুন আইন। অচিৰেই দিল্লীৰ ৭০ টা বিধানসভা সমষ্টিত ১৪,০০০ গৰুৰ বাবে এই আইন কাৰ্যকৰী হব বুলিও তেওঁ জনায়।

Leave a Comment