প্ৰকৃতিয়েই ভগৱান, ভগৱানেই প্ৰকৃতি! অৰণ্য মানৱ যাদৱ পায়েঙৰ যুৱ প্ৰজন্মলৈ এক বিশেষ আহ্বান…

নিউজ ডেস্কঃ প্ৰকৃতি থাকিলেহে থাকিব মানুহ। এই কথাষাৰেই বছৰ বছৰ ধৰি বুজাবলৈ চেষ্টা কৰি আহিছে অলেখ প্ৰকৃতিপ্ৰেমীৰ লগতে অসমৰ সুসন্তান অৰণ্য মানৱ যাদৱ পায়েঙেও।

সেই কথাই পুনৰ এবাৰ দোহাৰি তেওঁ ক’লে- ‘জাতি, ধৰ্ম, অৰ্থনীতি, ৰাজনীতি সকলোৰে উৰ্ধ্বত হৈছে প্ৰকৃতি। প্ৰকৃতিয়েই ভগৱান আৰু ভগৱানৰে আন এটা নাম হৈছে প্ৰকৃতি।’

নগাঁও কলেজৰ উদ্যোগত ৱাই- ২০, জি-২০ৰ লগত সংগতি ৰাখি আয়োজন কৰা “জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ প্রশমনঃ বহনক্ষমতাক জীৱন ধাৰণৰ এক উপায় হিচাপে গঢ়ি তোলা’ শীর্ষক আলোচনা চক্রৰ উদ্বোধনী ভাষণত প্ৰকৃতিক লৈ এইদৰে মন্তব্য কৰে অৰণ্য মানৱ যাদৱ পায়েঙে।

তেওঁ প্ৰকৃতি সংৰক্ষণৰ প্ৰতি কেনেধৰণে কাম কৰিছিল, কেনেদৰে তেওঁ ‘অৰণ্য মানৱ’ সন্মান লাভ কৰিছিল তাৰ এক বৰ্ণনা দাঙি ধৰে।

তেওঁ কয়, উন্নয়নশীল দেশৰ তুলনাত উন্নত দেশত প্ৰদূষণৰ মাত্রা অধিক। উন্নত দেশসমূহে এটা সময়ত উন্নয়নশীল দেশৰ পৰা অক্সিজেন ল’বলগীয়া হ’ব।

প্ৰসংগক্ৰমে তেওঁ হিউৱেন চাং ভাৰতলৈ আহি ঔষধি গছ অধ্যয়ন কৰাৰ কথা আৰু আজিৰ দিনত টাইৱানৰ নিচিনা প্রযুক্তি বিদ্যাৰে উন্নত দেশত ভাৰতীয় মূলৰ ৰঙা চন্দন আৰু বগা চন্দনে শোভা বর্ধন কৰি আছে বুলি কয়।

যাদৱ পায়েঙে কয়, ভাৰতত অধ্যয়নৰ গভীৰতা নথকা বাবে বিদেশী বিজ্ঞানীয়ে ভাৰতৰ পৰা বহু সম্পদ লৈ গৈ আছে। বুঢ়া শালিকাই মাত নলগায়, গতিকে নৱপ্ৰজন্মইহে প্রকৃতি ৰক্ষা কৰিব লাগিব।

পায়েঙে লগতে কয় যে ছাত্র-ছাত্রীসকলে জন্মদিনত কেক কটাৰ সলনি এজোপা গছ ৰোপণ কৰিব লাগে, যি গছে পৃথিৱীখন বচাই ৰাখিব।

প্ৰকৃতি ধ্বংসৰ প্ৰতি শংকা প্ৰকাশ কৰি তেওঁ প্ৰকৃতি ধ্বংসৰ ফল মানুহে ক’ভিড-১৯ৰ জৰিয়তে লাভ কৰিছে বুলি উল্লেখ কৰে। ক’ভিড সময়ত পৃথিৱীখন পৰিষ্কাৰ তথা পশু-পক্ষীয়ে মুক্তভাৱেও বিচৰণ কৰিব পৰা হ’ল বুলি ব্যক্ত কৰে।

আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা আৰু কলেজৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে সঞ্চালনা কৰা এই অনুষ্ঠানত যাদৱ পায়ঙে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি শংকা প্রকাশ কৰে।

তেওঁ উত্তৰ পূৰ্বাঞ্চলত পানী নোহোৱা হোৱা, তামিলনাড়ু, উৰিষ্যা আদি ৰাজ্যত সাগৰ পৃষ্ঠ ওপৰলৈ উঠি অহাৰ ফলত পানীত বুৰ যাব বুলি উল্লেখ কৰে।

প্ৰকৃতি ৰক্ষাৰ বাবে আহ্বান জনাই তেওঁ পৰিৱেশ ৰক্ষাৰ পদক্ষেপৰ কথা ব্যক্ত কৰে।