প্ৰকৃতি প্ৰেমী পূৰ্ণিমা দেৱী বৰ্মনলৈ ২০২২ বৰ্ষৰ ‘দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড’

নিউজ ডেস্ক। অসমবাসীলৈ আন এক ভাল খবৰ কঢ়িয়ালে ‘হাড়গিলা বাইদেউ’ হিচাপে খ্যাত ডঃ পূৰ্ণিমা দেৱী বৰ্মনে।

ডঃ পূৰ্ণিমা দেৱী বৰ্মনক ‘দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড, ২০২২’ বঁটাৰ বাবে নিৰ্বাচন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংস্থা ‘হাউ মেনী এলিফেণ্টছৰ’।

বিলুপ্তপ্ৰায় হাড়গিলা সন্দৰ্ভত জন সচেতনতা সৃষ্টিৰ ক্ষেত্ৰত আগবঢ়ােৱা অৱদানৰ বাবে ড০ পূৰ্ণিমা দেৱী বৰ্মনক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে।

উল্লেখ্য যে ‘হাড়গিলা সেনা’ৰ জৰিয়তে ডঃ পূৰ্ণিমা দেৱী বৰ্মনে বাসস্থানৰ সংকটৰ লগতে চোৰাং চিকাৰ আৰু খাদ্যৰ বিষক্ৰিয়াৰ দৰে সমস্যাৰ সন্মুখীন হােৱা হাড়গিলাক সুৰক্ষা প্ৰদান কৰি আহিছে।

লগতে তেওঁ বিশ্বৰ প্ৰথমটো কৃত্ৰিম প্ৰজনন মঞ্চও নিৰ্মাণ কৰিছিল য’ত হাড়গিলাই সংকুচিত বাসস্থানৰ সমস্যাৰ পৰা আঁতৰি নিৰাপদে কনী দিব পাৰে আৰু তাৰ পৰা পোৱালী জগাব পাৰে।

এদিন অকলে আৰম্ভ কৰা পূৰ্ণিমা দেৱী বৰ্মনৰ এই প্ৰচেষ্টাত আজি দহ সহস্ৰাধিক মহিলাই স্বতঃস্ফূৰ্তভাৱে জড়িত হৈ পৰিছে।

হাউ মেনি এলিফেণ্টছৰ প্ৰতিষ্ঠাপক হলী বাজে যোৱা বছৰ তেওঁৰ অগ্ৰণী পদক্ষেপ বিশ্ব মহিলা ৰেঞ্জাৰ সপ্তাহ (২৩-৩০ জুন)ৰ সৈতে সংগতি ৰাখি বিশ্ব মহিলা ৰেঞ্জাৰ বঁটা ঘোষণা কৰিছিল।

হলী আৰু তেওঁৰ দলটোৱে বিশ্বজুৰি ৫৫০০ৰো অধিক মহিলা ৰেঞ্জাৰক চিনাক্ত কৰে।

1 thought on “প্ৰকৃতি প্ৰেমী পূৰ্ণিমা দেৱী বৰ্মনলৈ ২০২২ বৰ্ষৰ ‘দ্য ৱৰ্ল্ড ফিমেল ৰেঞ্জাৰ এৱাৰ্ড’”

Comments are closed.