প্ৰতিকূল বতৰৰ মাজতে চাইকেল লৈ চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন এগৰাকী জিলা উপায়ুক্তৰ

প্ৰতিকূল বতৰৰ মাজতে চাইকেল লৈ চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন এগৰাকী জিলা উপায়ুক্তৰ

April 21, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত প্ৰবল বৰষুণৰ মাজতে বুধবাৰে পুৱাই চাইকেলত উঠি কেবাখনো আঁচনি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ ললে বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে।

উপায়ুক্ত গৰাকীয়ে বৰপেটা চহৰৰ বুদৰুটুপত পুৱা ৬ বজাৰ পূৰ্বেই চাইকেল চলাই উপস্থিত হয় আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মীয়মান কেইবাটাও আবাসগৃহ পৰিদৰ্শন কৰি কামৰ বুজ লয়।

তদুপৰি নিৰ্মাণ কাৰ্যত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰো তাৎক্ষণিকভাৱে সমাধান কৰে উপায়ুক্ত তেজ প্ৰসাদ ভুচালে।

বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভুচাল

উল্লেখ্য যে, বুদৰুটুপত প্ৰধান মন্ত্ৰী আৱাস যোজনা (নগৰীয়া)ৰ অধীনত অৰ্দ্ধ নিৰ্মিত অৱস্থাত থকা কেবাটাও ঘৰৰ জিও টেগিং নোহোৱাৰ বাবে হিতাধিকাৰীয়ে আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন পোৱাত যথেষ্ট বিলম্ব হৈছিল।

এনে পৰিপ্ৰেক্ষিতত উপায়ুক্ত গৰাকীৰ তৎপৰতা গ্ৰহণ কৰি সেইবোৰৰ থিতাতে জিও টেগিঙৰ ব্যৱস্থা কৰে।

উপায়ুক্তগৰাকীৰ নিৰ্দেশৰ পিছত বৰপেটা পৌৰসভাৰ কাৰ্যবাহী বিষয়া ধৰিত্ৰী আম্ফীৰ উপৰি কনিষ্ঠ অভিযন্ত্ৰা আৰু জিও টেগাৰ সকলেও এই পৰিদৰ্শন কাৰ্যত তেওঁক সঙ্গ দিয়ে আৰু আসোৱাহ সমূহ দূৰ কৰাৰ বাবে ব্যৱস্থা হাতত লয়।

আন এটা স্থানত হিতাধিকাৰীক তেওঁৰ পৰিচয় সূচক নম্বৰ প্ৰদানৰ বাবেও তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱা হয়।

ইফালে উপায়ুক্ত ভুচালে প্ৰাতঃভ্ৰমনলৈ ওলাই অহাৰ সময়তে বুদৰুটুপৰ এটা নৱনিৰ্মিত গড়কাপ্তানী পথৰ এচোৱা বৰষুণৰ পানীয়ে খহাই পেলোৱা প্ৰত্যক্ষ কৰি ইয়াৰ অতি শীঘ্ৰে মেৰামতিৰ বাবে লোকনিৰ্মাণ (পথ) বিভাগৰ বিষয়াক টেলিফোন যোগে নিৰ্দেশ দিয়ে।

প্ৰতিকূল বতৰৰ মাজতো জিলা উপায়ুক্তগৰাকীয়ে চাইকেল চলাই পুৱা এনেদৰে চৰকাৰী প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰাত সন্তুষ্টি ব্যক্ত কৰিছে সাধাৰণ ৰাইজে।

লগতে চাওকঃ

২ মে’ত আছিল বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বৃদ্ধিয়ে