প্ৰতিমা বিসৰ্জনৰ সময়তে নৈৰ প্ৰচণ্ড ঢলত উটি গ’ল অৰ্ধ শতাধিক লােক…

প্ৰতিমা বিসৰ্জনৰ সময়তে নৈৰ প্ৰচণ্ড ঢলত উটি গ’ল অৰ্ধ শতাধিক লােক…

October 6, 2022 Off By NEWS DESK

নিউজ ডেস্ক। দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে প্ৰতিবেশী ৰাজ্য পশ্চিমবংগৰ জলপাইগুৰিত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা।

দেৱীৰ প্ৰতিমা বিসৰ্জনৰ মাজতে নিশা হঠাতে নৈত অহা প্ৰচণ্ড ধলত উটি গ’ল অৰ্ধশতাধিক লোক।

এই পৰ্যন্ত ৯ জন লোকৰ মৃতদেহ উদ্ধাৰ হােৱা বুলি জানিব পৰা গৈছে।

এই পৰ্যন্ত ৪০ জনৰো অধিক লোক সন্ধানহীন হৈ থকা বুলি প্ৰকাশ কৰিছে স্থানীয় প্ৰশাসনে।

জলপাইগুৰিৰ মাল নৈৰ বিসৰ্জন পৰ্বত নিশাৰ ভাগত এই ঘটনা।

সন্ধানহীন লোকক বিচাৰি NDRFৰ অভিযান।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়েও এই শােকাৱহ ঘটনাত গভীৰ শােক প্ৰকাশ কৰিছে।