প্ৰতিশ্ৰুতি পূৰণ! ক’ভিডত পিতৃ-মাতৃক হেৰুওৱা কন্যা গৰাকীয়ে লাভ কৰিলে ৯৯.৮% নম্বৰ

নিউজ ডেস্ক। “তোমাৰ অবিহনেও মই এজনী শক্তিশালী কন্যা হ’ম দেউতা।”

কভিডত পিতৃ-মাতৃ দুয়োকে লগতে হেৰুৱাই সেই শিৰোনামেৰে এটা কবিতা লিখিছিল তেওঁ। যিটো কবিতা পঢ়ি সকলোৰে চকুপানী ওলাইছিল। আৰু কবিতাৰ সেই শিৰোনামকেই যেন এইবাৰ সত্য প্ৰমাণিত কৰিলে তেওঁ।

তেওঁ হল ভূপালৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী বনিশা পাঠক। যিয়ে সদ্যঘোষিত চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৯.৮% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। তেওঁ আনকি আন দুজন ছাত্ৰৰ সৈতে চহৰখনৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিবলৈয়ো সক্ষম হয়।

যিটো সময়ত তেওঁৰ আন সহপাঠীয়ে পৰীক্ষাৰ বাবে সম্পূৰ্ণ অধ্যয়ন অব্যাহত ৰাখিছিল, সেই সময়ত তেওঁ অত্যন্ত দুখ আৰু আৱেগৰ বিৰুদ্ধে যুঁজি আছিল। কিন্তু সদ্যঘোষিত ফলাফলত তেওঁ কৰে এক ভাল ফল।

বানিশাই ইংৰাজী, সংস্কৃত, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত লাভ কৰে ১০০ কৈ নম্বৰ আৰু গণিত বিষয়ত লাভ কৰে ৯৭ নম্বৰ। এক দুখজনক পৰিস্থিতি আৰু মানসিক চাপৰ মাজেৰে গৈ তেওঁ এই ফল লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ পিতৃ জিতেন্দ্ৰ কুমাৰ আছিল এজন অৰ্থনৈতিক উপদেষ্টা আৰু মাতৃ ড° সীমা পাঠক আছিল এগৰাকী চৰকাৰী শিক্ষক।

মংগলবাৰে বানিশাই সাংবাদিকৰ আগত মন্তব্য কৰি কয়, “মই এসপ্তাহৰ ভিতৰতে মোৰ মা-দেউতাক হেৰুৱাইছিলো। মোৰ সন্মুখত সেইয়া আছিল সম্পূৰ্ণ অন্ধকাৰ। মই অনুভৱ কৰিছিলো যে মই জীৱনৰ সকলো হেৰোৱালো। কিন্তু তেতিয়া হঠাতে মই মোৰ ভাইটি ভিভানক দেখো। সেয়েহে তেতিয়া মই উপলব্ধি কৰিলো যে মই তাৰ বাবেই শক্তিশালী হব লাগিব। সি আছে যেতিয়া মোৰ সকলো আছে। মই অতীত পাহৰিব লাগিব আৰু আগুৱাই যাব লাগিব। এই বয়সতে মই তাৰ পিতৃ আৰু মাতৃ হ’ব লাগিব। মই নিজকে ভাগি পৰিবলৈ দিয়া নাছিলো। মই শক্তিশালী হৈ আছিলো আৰু লক্ষ্য স্থিৰ কৰি লৈছিলো। দেউতাই মোক আই আই টি বা ইউ পি এছ চি উত্তীৰ্ণ হোৱাতো বিচাৰিছিল। তেওঁৰ সপোনেই এতিয়াও মোৰ সপোন।”

পিতৃ-মাতৃয়ে কভিড আক্ৰান্ত হৈ যেতিয়া চিকিৎসালয়লৈ গৈছিল, সেইয়াই আছিল তেওঁৰ পিতৃ-মাতৃক শেষ দেখা।

তেতিয়া তেওঁক পিতৃ-মাতৃয়ে সোনকালেই লগ পোৱাৰ কথা কৈছিল।

এই সন্দৰ্ভত তেওঁ কয়, “সেই দিনটোৱে মোৰ মনত আজিও ৰেখাপাত কৰে। মোৰ মা-দেউতাই চিকিৎসা কৰি সোনকালেই ঘূৰি আহিম বুলি কৈছিল। কিন্তু তেওঁলোক কেতিয়াও ঘূৰি নাহিল। মই মা লগত ২ মে’ৰ দিনা শেষ কথা পাতিছিলো। ৪ মে’ত তেওঁৰ মৃত্যু হৈছিল। মোৰ পৰিয়ালৰ লোকে তেতিয়াও কোৱা নাছিল যে দেউতা চিকিৎসালয়ত আছে। দেউতাৰ লগত মই ১০ মে’ দিনা কথা পাতিছিলো। কিন্তু জনা নাছিলো যে সেইয়াই মোৰ দেউতাৰ সৈতে শেষ কথা হ’ব। ১৫ মে’ত তেওঁৰ মৃত্যু হৈছিল। তেতিয়াহে পৰিয়ালৰ লোকে মোক কৈছিল যে মই মা-দেউতা দুয়োকে হেৰোৱালো। মই আনকি মাৰ মুখ খনো চাবলৈ নাপালো।”

তেওঁ লগতে কয় যে, “প্ৰতিদিনে প্ৰতি কথাতে মই মা-দেউতাৰ অভাৱ অনুভৱ কৰো। যেতিয়াই তেনেকুৱা কিবা এটা লাগে, মই এটা কবিতা লিখো। প্ৰতি মূহুৰ্ততে মই মোৰ মা-দেউতাৰ সপোন পূৰণৰ বাবে চিন্তা কৰি থাকো। সেই আশাৰে মই থিয় হৈ আছো।”

উল্লেখ্য যে পিতৃ-মাতৃক হেৰুওৱাৰ পিছত বানিশা আৰু তেওঁৰ ভাতৃ থাকে মোমায়েক ড° অশোক কুমাৰৰ সৈতে। মোমায়েক ভূপালৰ এম ভি এম চৰকাৰী কলেজৰ এজন অধ্যাপক। বানিশাৰ এক উল্লেখনীয় ব্যক্তিত্ব আছে বুলি কয় মোমায়েকে।

Leave a Comment